ETV Bharat / state

Protest at Goreshwar college: পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগত উত্তাল গোৰেশ্বৰ - Protest at Goreswar college

বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ ভুলৰ বাবে ৯০ শতাংশ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণৰ অভিযোগ । পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ উত্থাপন কৰি গোৰেশ্বৰ মহাবিদ্যালয়ত (Goreshwar College) শিক্ষাৰ্থীৰ প্ৰতিবাদ ।

Protest at Goreshwar college
পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগত উত্তাল গোৰেশ্বৰ
author img

By

Published : Nov 2, 2022, 11:51 AM IST

তামুলপুৰ, ২ নৱেম্বৰ: বাস্কা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত ক্ষুব্ধ (Protest at Goreshwar College) শিক্ষাৰ্থীসকলে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । গোৰেশ্বৰ মহাবিদ্যালয়ৰ বহুতো শিক্ষাৰ্থীৰ পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ উত্থাপন কৰি সাব্য়স্ত কৰে এই প্ৰতিবাদ(Student protest Against Bodoland University) ।

উল্লেখ্য় যে পৰীক্ষাৰ ফলাফলত বিসংগতিৰ (Discrepancy in examination results) অভিযোগৰ লগতে গোৰেশ্বৰ মহাবিদ্যালয়ে সংঘটিত কৰা বিসংগতি সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ লগত বিষয়টো অলোচনা কৰিবলৈ দল-সংগঠনে দাবী উত্থাপন কৰিছিল । সেই অনুসৰি দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হোৱাত ছাত্ৰ একতা সভাই দল সংগঠনৰ বিষয়ববীয়াক দুৰ্ব্য়ৱহাৰ কৰে । ইয়াকে লৈ উত্তপ্ত হৈ পৰে গোৰেশ্বৰ মহাবিদ্যালয় । সেইবাবে ছাত্ৰ-ছাত্ৰীসকল প্ৰতিবাদমুখৰ হৈ পৰে ।

পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগত উত্তাল গোৰেশ্বৰ

ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ, বড়োলেণ্ড বিশ্ববিদ্যালয় (Allegation against Bodoland University) আৰু গোৰেশ্বৰ মহাবিদ্যালয়ৰ ভুলৰ বাবে ৯০ শতাংশ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হয় । আনকি কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কেইবাখনো কাকতত শূণ্য় নম্বৰ লাভ কৰিছে । উল্লেখ্য যে মহাবিদ্যালয়খনৰ বহু বিসংগতি ধৰা পৰাত শিক্ষাৰ্থীসকলে ভৱিষ্যত জীৱনক লৈ শংকাত ভুগিছে । প্ৰতিবাদী শিক্ষাৰ্থীসকলে বিসংগতি হোৱা পৰীক্ষাৰ ফলাফল শুদ্ধ কৰি শিক্ষাৰ্থীসকলক ন্যায় প্ৰদান কৰাৰ দাবী জনাইছে । ইপিনে, শিক্ষাৰ্থীসকলৰ প্ৰতিবাদক সমৰ্থন জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS), ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচনে (SFI) ।

লগতে পঢ়ক:Khumtai Electricity Sub Station: খুমটাইত বিদ্যুৎ বিভাগৰ ভয়ংকৰ কাণ্ড; যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.