ETV Bharat / state

" হীৰা-হাগ্ৰামাৰ এটাই নীতি, বড়ো-অবড়োৰ ৰাজনীতি ! " - হীৰা শৰণীয়া

বাক্সাৰ তামুলপুৰত ইউ জি বহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰমোদ বড়োই ৷ সভাত বিপিএফক সমালোচনাৰে থকা-সৰকা এবছু নেতাগৰাকীৰ ৷

" হীৰা-হাগ্ৰামাৰ এটাই নীতি, বড়ো-অবড়োৰ ৰাজনীতি ! "
author img

By

Published : Apr 13, 2019, 7:25 PM IST

বাক্সা, 13 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ অন্ত পৰাৰ পাচতেই তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল (UPPL) ৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ বাক্সাৰ তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই এবছুৰ সভাপতি প্ৰমোদ বড়োই ৷ তামুলপুৰৰ ৰামেচুবুৰীত অনুষ্ঠিত দলটোৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনাৰে থকা-সৰকা এবছু নেতাগৰাকীয়ে ৷

" হীৰা-হাগ্ৰামাৰ এটাই নীতি, বড়ো-অবড়োৰ ৰাজনীতি ! "

নিজ ভাষণ প্ৰসংগত তেওঁ কয় যে, হীৰা শৰণীয়া আৰু হাগ্ৰামা মহিলাৰীয়ে বড়ো -অবড়ো মাজত ৰাজনীতি কৰিয়েই নিৰ্বাচনী বৈতৰণী পাৰ কৰিছে ৷ বিটিচিত হাগ্ৰামা মহিলাৰীৰ কোনো আঁচনি নাই ৷ আঁচনিৰ নামত কেৱল সূতা-কম্বল বিতৰণ কৰিয়েই ৰাইজক ভেটিগ্ৰস্ত কৰি ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে ৷ জাতিক বিক্ৰী কৰাৰ দায়িত্ব হাগ্ৰামা মহিলাৰীৰ হাতত আছে, এবছুৰ হাতত নাই ৷ লগতে তেওঁ কয় যে, বিগত 17 টা বছৰত হাগ্ৰামা মহিলাৰীয়ে কেৱল বড়ো জনগোষ্ঠীক নহয়, বিটিচিত বসবাস কৰা প্ৰত্যেকটো জাতি-জনগোষ্ঠীক ধব্বংসৰ মুখলৈ ঠেলি দিছে ৷

Intro:বাক্সাৰ তামুলপুৰৰ ৰামেচুবুৰীত ইউ পি পি এলৰ হৈ নিৰ্বাচনী প্ৰচাৰ এবছুৰ নেতা প্ৰমোদ বড়ো ।

Body:দেশৰ সপ্তদশ নিৰ্বাচনৰ বাবে ৫ নং কোকৰাঝাৰ লোক সভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বাক্সাৰ জিলাৰ তামুলপুৰত ইউ পি পি এল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে । শনিবাৰে দিনৰ ১২ বজাত তামুলপুৰৰ ৰামেচুবুৰীত এবছুৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হৈ কয় যে হাগ্ৰামা মহিলাৰীৰ বিটিচিত কোনো ধৰণৰ আচনী নাই ? আচনীৰ নামত আছে নিৰ্বাচনৰ সময়ত গাহৰি মাংস খোৱা আচনী, সূতা ,কম্বল বিলোৱা আচনী আৰু মানুহক ভেটিগ্ৰস্থ কৰা আচনী । হীৰা শৰণীয়া আৰু হাগ্ৰামা মহিলাৰীৰ একেটাই নীতি বড়ো আৰু অবড়োৰ ৰাজনীতি । এবছুৱে বড়ো জাতিৰ সুৰক্ষাৰ বাবে জন্মগ্ৰহণ কৰিছিল । জাতিক বিক্রী কৰা দায়িত্ব হাগ্ৰামা মহিলীৰ হাতত হে আছে এবছুৰ হাতত নাই ।

Conclusion:আনহাতে তেওঁ প্ৰমোদ বড়োৱে কয় যে ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে অকল বড়ো জাতিকে নহয় ? বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে ধ্বংস কৰিছে বুলি কয় ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.