ETV Bharat / state

চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ প্ৰেমলতা শৰ্মাৰ বিয়োগ - Dr Premalata Sarma Passed away

চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ প্ৰেমলতা শৰ্মাৰ বিয়োগ (Professor Dr Premalata Sarma Passed away) ৷ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ শোক প্ৰকাশ ৷

Professor of Assamese department at Chimen Chapari College Dr Premalata sarmas death
চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ প্ৰেমলতা শৰ্মাৰ বিয়োগ
author img

By

Published : Sep 14, 2022, 8:45 AM IST

জোনাই,১৩ ছেপ্টেম্বৰঃ চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড৹ প্ৰেমলতা শৰ্মাৰ সোমবাৰৰ নিশা ১২:৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে (Assam medical college) । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫২ বছৰ (Professor Dr Premalata sarmas Passed away) । চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক দেৱজিৎ পেগুৰ পত্নী ড৹ প্ৰেমলতা শৰ্মাই তিনিমাহ ধৰি হৃদৰোগত ভুগি আছিল ৷

যোৱা জুলাই মাহত গুৱাহাটীৰ হেলথ্ চিটি চিকিৎসালয়ত হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰোৱা হৈছিল অধ্যাপিকাগৰাকীৰ(Health City Hospital) ৷ পৰৱৰ্তী সময়ত অধ্যাপিকা গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ লোৱাত ৯ ছেপ্টেম্বৰৰ দিনা অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে সোমবাৰৰ নিশা শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপিকাগৰাকীয়ে ।

১৯৭১ চনৰ পহিলা ডিচেম্বৰত লখিমপুৰ জিলাৰ ঘিলামৰাত জন্ম গ্ৰহণ কৰাৰ পাছত পিতৃৰ চাকৰি সূত্ৰে চিলাপথাৰতে পিতৃ-মাতৃৰে সৈতে থাকিবলৈ লয় ড৹ প্ৰেমলতা শৰ্মা । চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ড৹ প্ৰেমলতা শৰ্মাই ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰি তাৰপৰাই স্নাতক ডিগ্ৰী লাভ কৰে । ড৹ প্ৰেমলতা শৰ্মাই স্নাতকোত্তৰ ডিগ্ৰী, এম.ফিল আৰু পি.এইছ.ডি. ডিগ্ৰী লাভ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ।

চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ প্ৰেমলতা শৰ্মাৰ বিয়োগ

ড৹ প্ৰেমলতা শৰ্মাই চিলাপথাৰ বাণিজ্য জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত কেইবছৰমান শিক্ষকতা কৰাৰ পাছত ১৯৯৯ চনত চিমেন চাপৰি মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা হিচাপে নিযুক্তি পায় । শিক্ষকতা কৰাৰ উপৰি এগৰাকী সুবক্তা হিচাপে সমাজত পৰিচিত থকা সদ্য প্ৰয়াত সহযোগী অধ্যাপিকাগৰাকী সন্মিলীত গণ শক্তি, অসমৰ ভাতৃ সংগঠন সন্মিলীত নাৰী শক্তিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদিকা, চিলাপথাৰৰ সাৰথি স্বেচ্ছাসেৱী সংস্থাৰ উপদেষ্টা পদত অধিষ্ঠিত হোৱাৰ লগতে বিভিন্ন কবি সমাজৰ সৈতেও মৃত্যুৰ সময়লৈকে জড়িত হৈ আছিল ।

লগতে পঢ়ক: KFC ৰ বাৰ্গাৰত হাতমোজা: খাদ্য সুৰক্ষা বিভাগৰ জাননী জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.