ETV Bharat / state

জনজাতিৰ বিৰুদ্ধাচৰণ কৰিছে নৱ কুমাৰ শৰণীয়াইঃবিশ্বজিৎ দৈমাৰী - Tribal belt and block land issue

শনিবাৰে বাক্সাৰ তামুলপুৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত দৈমাৰীয়ে নৱ কুমাৰ শৰণীয়াক কঠোৰ সমালোচনা কৰে ৷ লগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

শনিবাৰে বাক্সাৰ তামুলপুৰত
সংবাদমেল সম্বোধন সাংসদ বিশ্বজিৎ দৈমাৰীৰ
author img

By

Published : Jan 5, 2020, 1:50 AM IST

বাক্সা,4 জানুৱাৰীঃ শনিবাৰে বাক্সাৰ তামুলপুৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত দৈমাৰীয়ে শেহতীয়াকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাস কৰা অ-জনজাতীয় লোক উচ্ছেদ হ’ব লাগিব বুলি উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাক আলোচনা কৰে ৷

শনিবাৰে বাক্সাৰ তামুলপুৰত
সংবাদমেল সম্বোধন সাংসদ বিশ্বজিৎ দৈমাৰীৰ

দৈমাৰীয়ে কয়,বিষয়টো লৈ বি টি এ ডি-ত বসবাস কৰা কোনো লোক আতংকিত হোৱাৰ প্ৰয়োজন নাই ৷ কেৱল ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে সাংসদ নৱ কুমাৰ শৰণীয়াই বি টি এ ডি-ৰ ৰাইজৰ মাজত এই সন্দৰ্ভত অপপ্ৰচাৰ চলাই আছে ৷ শৰণীয়াই প্ৰচাৰ কৰা কথাসমূহ অমূলক আৰু ভিত্তিহীন । কোনো লোকে অপপ্ৰচাৰত ভোল যোৱা উচিত নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷

নৱ কুমাৰ শৰণীয়াক কঠোৰ সমালোচনা

লগতে সাংসদগৰাকীয়ে উল্লেখ কৰে যে,"নৱ কুমাৰ শৰণীয়াই জনৈক প্ৰদ্যুত বৰা নামৰ এজন লোকৰ দ্বাৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত পি আই এল কৰিছিল ৷ এনেবোৰ প্ৰসংগ উত্থাপন কৰি বড়ো-অবড়োৰ মাজত বিভাজনমুখী নিকৃষ্ট ৰাজনীতিৰে ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত আধিপত্য বিস্তাৰৰ বাবে শৰণীয়াই প্ৰয়াস চলাইছে । কিন্তু কু-অভিসন্ধি কেতিয়াও সফল হ’ব নোৱাৰে"। যদি নতুনকৈ কোনো লোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অবৈধভাৱে দখল কৰি আছে,সেয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভাগীয় কৰ্তৃপক্ষই চালি-জাৰি চাই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে সাংসদ দৈমাৰীয়ে ৷

বি টি চি ত কোনো প্ৰভাৱ নপৰে চি এ এ ৰ

আনহাতে,সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ দৈমাৰীয়ে ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া বি টি চি পৰিষদীয় নিৰ্বাচনত বি পি এফে মিত্ৰদলৰ সৈতে পুনৰ বি টি চি দখল কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে। লগতে ইউ টি চি গঠন সন্দৰ্ভত কোনো পৰিকল্পনা সম্পৰ্কে অৱগত নহয় বুলিহে উল্লেখ কৰে ৷ লগতে কয়,অসমৰ বিভিন্ন প্ৰান্তত থকা বড়ো জনগোষ্ঠীয় লোকসকলৰ সমস্যাসমূহ সমাধানৰ প্ৰচেষ্টা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে ।

বড়োসকলৰ সমস্যা সমাধানত গুৰুত্ব

ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ বি টি চি নিৰ্বাচনত পৰিব নেকি বুলি সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ দৈমাৰীয়ে কয়,যিহেতু এই আইন বি টি এ ডি ৰ আওঁতাৰ বাহিৰত গতিকে ইয়াৰ কোনো প্ৰভাৱ নপৰে । বিপৰীতে অসমৰ ৰাইজৰ স্বাৰ্থত যিসকলে গণতান্ত্ৰিক আন্দোলন কৰি আছে,সেয়া তেওঁলোকৰ অধিকাৰ বুলিহে মন্তব্য আগবঢ়ায় সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অভয় প্ৰদান

লগতে চাওকঃমাজুলীৰ বিদ্য়ালয়ত চুঙাপিঠা উৎসৱ

Intro:তামুলপুৰত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী :
ট্ৰাইবেল বেল্ট এণ্ড ব্লকক লৈ বি টি এ ডিত বসবাস কৰা কোনো অজনজাতি লোকে শংকিত হোৱাৰ কাৰণ নাই
নিজে জনজাতি হৈ জনজাতিৰ বিৰুদ্ধাচৰণ কৰিছে নৱ কুমাৰ শৰণীয়াই

Body:শেহতীয়া ভাবে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা অজনজাতীয় লোক উচ্ছেদ হব লাগিব বুলি উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাক লৈ বি টি এ ডিত বসবাস কৰা কোনো লোকে ভয় বা আতংকিত হোৱাৰ কাৰণ নাই। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে সাংসদ নৱ কুমাৰ শৰণীয়াই বি টি এডি অঞ্চলৰ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই অজনজাতীয় লোকৰ মাজত যি ভয় আৰু আতংক সৃষ্টি কৰিব বিচাৰিছে সেয়া অমূলক আৰু ভিত্তিহীন। বি টি এ ডিত পূৰ্বৰে পৰা বসবাস কৰি থকা এজনো অজনজাতীয় লোকে এনে অপপ্ৰচাৰত ভোল যাব নালাগে। আজি বাক্সা জিলাৰ তামুলপুৰত আজি সন্ধিয়া সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংসদ দৈমাৰীয়ে এই মন্তব্য কৰে। তেওঁ পুনৰ কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াই বি টি এ ডিৰ বাহিৰৰ জনৈক প্ৰদ্যুত বৰা নামৰ লোকৰ দ্বাৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সন্দৰ্ভত এক পি আই এল কৰাইছিল আৰু এই ক্ষেত্ৰত সাংসদ গৰাকীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনে নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি দৈমাৰীয়ে মন্তব্য কৰে। সাংসদ দৈমাৰীয়ে পুনৰ কয় যে নৱ কুমাৰ শৰণীয়াই প্ৰদ্যুত বৰা নামৰ এই লোক গৰাকীৰ হতুৱাই পি আই এল কৰাই বি টি এ ডিত বসবাস কৰা অজনজাতীয় লোকৰ মাজত ভয় আৰু শংকা বিয়পাই বড়ো আৰু অবড়োৰ মাজত বিভাজনৰ নিকৃষ্ট ৰাজনীতিৰে ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত নিজৰ আধিপত্য বিস্তাৰৰ বাবে প্ৰয়াস চলাইছে। কিন্তু নৱ কুমাৰ শৰণীয়াৰ এনে কু অভিসন্ধি কেতিয়াও সফল হব নোৱাৰে। তেওঁ কয় বি টি এ ডিত বসবাস কৰি অহা কোনো অজনজাতীয় লোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক লৈ শংকা কৰাৰ প্ৰয়োজন মুঠেই নাই। সাংসদ নৱ কুমাৰ শৰণীয়া নিজেই এজন বড়ো জনজাতীয় লোক হৈও বড়ো জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি আহিছে। নৱ কুমাৰ শৰণীয়া নিজেই যে এজন বড়ো জনগোষ্ঠীৰ লোক হয় সেয়া তেওঁৰ নথি-পত্ৰই প্ৰমাণ কৰে। আৰু তেওঁ বড়ো জনগোষ্ঠীৰ লোক নহৈ যদি দুই নম্বৰী প্ৰমাণ পত্ৰৰ জৰিয়তে সাংসদ হিচাপে নিৰ্বাচিত হৈছে তেনেহলে কব লাগিব তেওঁ এজন দুই নম্বৰী বড়ো। সেয়ে তেওঁ বড়ো আৰু অনাবড়োৰ মাজত বিভাজনৰ ৰাজনীতি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি আহিছে। সাংবাদিকক সম্বোধন কৰি সাংসদ বিশ্বজিত দৈমাৰীয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত স্পষ্ট কৰি দি কয় যে যদিহে নতুনকৈ কোনো লোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অবৈধ ভাবে দখল কৰি আছে সেয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিভাগীয় কৰ্তৃপক্ষই চালি জাৰী চাই তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ দৈমাৰীয়ে ২০২০ চনত অনুষ্ঠিত হব লগা বিটিচি পৰিষদীয় নিৰ্বাচনৰ জৰিয়তে বি পি এফ দলেই মিত্ৰ দলৰ লগত লগ লাগি পুনৰ বি টি চি দখল কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে। ইউ টি চি গঠন সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে স্পষ্ট কৰি কয় যে তেনে কোনো পৰিকল্পনাৰ কথা তেওঁ অৱগত নহয়। বি টি এ ডিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা বড়ো জনগোষ্ঠীয় লোক সকলৰ যি সমস্যা আছে, সেই সমস্যাবোৰ সমাধানৰ প্ৰচেষ্টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰাখিছে। বড়ো সকলৰ যি সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ সকলো দল সংগঠন একত্ৰিত হোৱাৰ প্ৰয়োজন আৰু বড়ো সকলৰ সকলো দল সংগঠন একত্ৰিত হলেহে বড়ো জনগোষ্ঠীৰ লোক সকলৰ সমস্যা আলোচনাৰ জৰিয়তে সহজ হৈ পৰিব।
Conclusion:বি টি চি নিৰ্বাচনত 'কা' ক লৈ কিবা প্ৰভাৱ পৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ দৈমাৰীয়ে কয় যে যিহেতু 'কা' বি টি এ ডিৰ আওতাৰ বাহিৰত গতিকে 'কা'ক লৈ বি টি চি নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে। তেওঁ কয় ৰাজ্যখনক ভাল পাই বা অসমৰ ৰাইজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত 'কা' বিৰোধী গণতান্ত্ৰিক আন্দোলন কৰি আছে, সেয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ তাত আমাৰ কবলগীয়া একো নাই।

ভাষ্য : বিশ্বজিৎ দৈমাৰী ৰাজ্য সভাৰ সাংসদ

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.