ETV Bharat / state

Manas National Park: বাক্সা জিলাৰ মানাহৰ ভূঞাপাৰাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ সংবাদমেল - মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ সংবাদমেলত মন্ত্ৰগৰাকীয়ে মানাহৰ শেহতীয়া কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৷

Press Meet of Minister Urkhao Gwra Brahma in Baksa
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম
author img

By

Published : Aug 20, 2023, 8:29 PM IST

ভূঞাপাৰা ৰেঞ্জত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই

বাক্সা, 20 আগষ্ট : বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত দেওবাৰে উপস্থিত হয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ মন্ত্ৰীগৰাকী উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে বিভিন্ন কাম-কাজ সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰ পিছতে সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপত মিলিত হয় মন্ত্ৰীগৰাকী ৷

সংবাদমেলত তেওঁ কয় যে বিগত সময়ত মানাহত হোৱা ঘটনা সন্দৰ্ভত অৱগত হৈছে মন্ত্ৰীগৰাকী ৷ মানাহত বিগত সময়ত হোৱা গঁড়ৰ মৃত্যু সন্দৰ্ভত তেওঁ কয় যে, 3 টা গঁড় প্ৰাকৃতিকভাৱে মৃত্যু হৈছে ৷ শনিবাৰে ভূঞাপাৰা ৰেঞ্জৰ ৰূপহী আৰু কালজাৰ কেম্পৰ সমীপত উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, যদি কোনোবাই হত্যা কৰিলেহেঁতেন তেতিয়া গঁড়টোৰ খৰ্গ নোহোৱা হ’লহেঁতেন ৷ এইটো হত্যা নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, মানাহত যিসকলে দুষ্কাৰ্য কৰিছে সেই সকলে শাস্তি পাইছে ৷ মানাহৰ আগৰ যি গুণ-গৰিমা আছিল সেয়া আগৰ দৰে থাকিব ৷ মানাহত বিভাগীয় কিছু পদ পূৰণ কৰি সকলো সমস্যা সমাধান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীজনে ৷ কিছুদিন পূৰ্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ বৈভৱ চি মাথুৰক বদলি সন্দৰ্ভত এখন জাননী দি পিছদিনা পুনৰ বদলি বন্ধৰ জাননী প্ৰকাশ পাইছিল ৷ এই সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী ইউ জি ব্ৰহ্মক সোধা এটা প্ৰশ্নত কয় যে, এই বষয়ে অতি সোনকালে আলোচনা কৰা হ’ব ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, মানাহত চোৰাং চিকাৰী কমি গৈছিল, কিন্তু পুনৰ আকৌ দুই এটা বৃদ্ধি পাইছে ৷ সেয়া কম সময়ৰ ভিতৰতে বন্ধ কৰা হ’ব ৷ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে মানাহৰ আন আন শেহতীয়া কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Nalbari Polytechnic College: নলবাৰী পলিটেকনিক কলেজ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.