বাক্সা, 23 ফেব্ৰুৱাৰীঃ দেওবাৰে বাক্সাৰ তামুলপুৰ জিলাৰ বিপিএফৰ কাৰ্যালয়ত এখন দলীয় কৰ্মী সভাত অংশ গ্ৰহণ কৰে সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ এই অনুষ্ঠানতেই সাংবাদিকৰ আগত সদ্য প্ৰাক্তন এবছুৰ সভাপতি তথা বৰ্তমানৰ ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি প্ৰমোদ বড়োক কটাক্ষ প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷
প্ৰমোদ বড়োক ৰাজনীতিৰ মুকলি পথাৰত নিৰ্বাচন খেলিবলৈ আহ্বান জনায় প্ৰমিলা ৰাণীয়ে । নিৰ্বাচন খেলা নেখেলাটো তেওঁৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰি নিৰ্বাচনৰ অন্তত হে গম পোৱা যাব যে জনসাধাৰণে তেওঁক গ্ৰহণ কৰে নে নকৰে । ইয়াৰ লগতে তেওঁ কয়, শত্ৰু পক্ষই যিকোনো কথাই ক’ব পাৰে । তথাপি আমি বেয়া নাপাওঁ ৷ কিন্তু আমাৰ ব্যৱহাৰ পাতি যাতে ভাল হয় তাকে দলীয় কৰ্মী সকলকো আহ্বান জনাম ৷ আনহাতে বিপিএফ দলে আগন্তুক বিটিচি নিৰ্বাচনত 20 খনতকৈ কম আসন নাপাই বুলি কোৱাৰ লগতে 25 খন আসনৰ বাবে যথোপযুক্ত চেষ্টা চলাম বুলি উল্লেখ কৰে প্ৰমিলা ৰাণী ব্ৰহ্মই ৷
উল্লেখ্য যে, 28 নং গৈয়বাৰী পৰিষদীয় সমষ্টিটোত যিহেতু প্ৰমোদ বড়োও এজন ইউপিপিএল দলৰ সাম্ভাব্য প্ৰাৰ্থী আৰু বিপিএফ দলৰ গৈয়বাৰী পৰিষদীয় সমষ্টিটোৰ বৰ্তমানৰ এমচিএল দেবেন বড়োক বিগত কেইবামাহ ধৰি বিটিচিৰ কাৰ্যবাহী সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ পিছৰে পৰা তেওঁ নিচক্ৰীয় হৈ আছে । তেনে ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দল সমূহেও সমষ্টিটোত তীক্ষ্ন নজৰ ৰখা পৰিলক্ষিত হৈছে ।