ETV Bharat / state

বাক্সাত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ !

বৃহস্পতিবাৰে পুৱাই ৰাজপথলৈ ওলাই আহিল স্থানীয় একাংশ ৰাইজ ৷ ১৫ কোটি টকা ব্যয় সাপেক্ষে গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ পাছতেই এৰাই গৈছিল ৷

author img

By

Published : Sep 26, 2019, 10:37 AM IST

ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ বাক্সাত

বাক্সা, 26 ছেপ্টেম্বৰঃ বাক্সাৰ কুমাৰীকাটাত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ জিলাখনৰ খৈৰাণী ভূটান সংযোগী পথটো নিৰ্মাণৰ পাচ দিন পাছতে এৰাই যোৱাৰ পিচত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ বৃহস্পতিবাৰে পুৱাই ৰাজপথলৈ ওলাই আহিল স্থানীয় একাংশ ৰাইজ ৷ ১৫ কোটি টকা ব্যয় সাপেক্ষে গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ পাছতেই এৰাই গৈছিল ৷ কুমাৰীকাটাৰ খৈৰাণীৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সংযোগী ৫ কিলোমিটাৰ দীৰ্ঘৰ পথচোৱা নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Poor Construction at Baksa
নিৰ্মাণৰ পাচ দিন পাছতে এৰাই গ'ল পথ

ইফালে ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ ঘৰৰ সন্মুখেদি যোৱা পথচোৱা প্ৰায় ১৫ কোটি টকা ব্যয়ৰে কোকৰাঝাৰৰ ব্ৰহ্ম উপাধিধাৰী এগৰাকী ঠিকাদাৰে নিৰ্মাণ কৰিছিল ৷ পথছোৱা নিৰ্মাণৰ সময়ত নিম্ন মাণদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই এৰাই যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ এইক্ষেত্ৰত বিভাগীয় তদন্ত দাবী কৰাৰ লগতে সংশ্লিষ্ট ঠিকাদাৰ জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে চৰকাৰক ৷ আনহাতে শীঘ্ৰেই পথছোৱা পুনৰ নিৰ্মাণৰো দাবী তুলিছে প্ৰতিবাদী ৰাইজে ৷

Intro:ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ বাক্সাৰ কুমাৰীকাটাৰ খৈৰাণী ভূটান সংযোগী পথ নিৰ্মাণৰ পাচ দিনতেই ৰাস্তা চপৰা চপৰে উঠিল ।

Body:বাক্সা জিলাৰ এটা পথ যাৰ বাবে ৰাইজেই ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হল । জানিব পৰা মতে জিলা খনৰ কুমাৰীকাটাৰ খৈৰাণীৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সংযোগী ৫ কিলোমিটাৰ দীৰ্ঘৰ এই পথচোৱা
৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়কৰ ইমানুৱেল মুছাহাৰীৰ ঘৰৰ সন্মুখে দি যোৱা পথচোৱা প্ৰায় ১৫ কোটি টকাৰে ব্ৰহ্ম উপাধি ধাৰী কোকৰাঝাৰৰ এগৰাকী ঠিকাদাৰে পথচোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল । কিন্তু স্থানীয় বিধায়ক গৰাকীৰ ঘৰৰ সন্মুখেৰে যোৱা পথচোৱা কিয় এনে দুৰ্দশা হল সেয়াও এক তাপৰ্য্য বহন কৰিছে । আনহাতে স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি চিৰাং জিলাৰ পৰা ভজা শিল,আলকেটেৰা আনি এই পথটোত ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। যাৰ ফলত ভজা শিল বোৰ ঠান্দা হৈ অহা বাবেই এনেদৰে চপৰা চপৰি খহি যোৱা বুলি সন্দেহ কৰিছে ৰাইজে ।

Conclusion:সেয়ে স্থানীয় ৰাইজে ৰাইজপথত আবাল বৃদ্ধ বনিতা ওলাই আহি বিভিন্ন শ্লো গানেৰ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে ৰাইজে পথচোৱা পূণৰ নিৰ্মাণ কৰি যাতায়তৰ বাবে উপযুক্ত কৰি তুলিবলৈ আহ্বান জনাইছে ।

ভাষ্য : ১/২/৩/৪

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.