বৰমা, ১৪ জুলাইঃ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বলি হোৱা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ লগতে কাৰাগাৰত থকা এনডিএফবিৰ সদস্য সকলক আৰু কৃষক নেতা অখিল গগৈক উপযুক্ত চিকিৎসা প্রদান কৰিবলৈ চৰকাৰৰ ওচৰত বাক্সা জিলাৰ অন্তৰ্গত শিমলাৰ হজুৱাত এক সংবাদ মেল যোগে দাবী উত্থাপন কৰিছে পিজেএচি এফবিএম য়ে ৷
বাক্সাত ৰঞ্জন দৈমাৰী আৰু অখিল গগৈৰ সুচিকিৎসাৰ দাবী সম্প্রতি সমগ্র বিশ্বৰ লগতে গুৱাহাটীস্থিত কেন্দ্রীয় কাৰাগাৰত
COVID-19 আক্ৰান্তৰ ওপৰত পিপুলচ জইন্ট এক্সন কমিটী ফৰ বড়োলেণ্ড ম'ভমেন্ট নামৰ সংগঠনটো (পিজেএচিএফবিএম) সৰৱ হৈ উঠিছে। মঙলবাৰে সংবাদ মেল যোগে সংগঠনটিৰ মুখ্য উপদেষ্টা গংগাধৰ ৰামচিয়াৰীয়ে এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ সহিতে এনডিএফবিৰ সদস্য আৰু কৃষক নেতা অখিল গগৈৰ সু চিকিৎসাৰ দাবী জনায় আৰু দলক সততে খবৰ প্ৰেৰণৰ বাবে তেওঁলোকক একোটাকৈ মোবাইল দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।
পিজেএচিএফবিএমৰ মুখ্য উপদেষ্টা গংগাধৰ ৰামচিয়াৰীয়ে সংবাদ মেল যোগে স্পষ্ট কৰি দিয়ে যে,আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত সংগঠনটিয়ে বিপিএফ দলক পূৰ্ণ সমৰ্থন আগবঢ়াব আৰু ইতিমধ্যে দলটিৰ বহু নেতা-কৰ্মীয়ে বিটিচি নিৰ্বাচনত বিপিএফ দলৰ হৈ কাম কৰি গৈছে। সেইদৰে ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী তথা এনডিএফবিৰ প্ৰাক্তন সভাপতি ধীৰেণ বড়োক পূৰ্ণ সমৰ্থন জনাই তেওঁৰ হকে কাম কৰি যোৱাৰ কথাও সংবাদ মেলত সদৰি কৰে। বিটিচিত ৰাজ্যপাল শাসনৰ বিপক্ষে বিপিএফ দলে মহামান্য উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত সন্তুষ্ট নহয় বুলি উল্লেখ কৰি সংগঠনটিৰ নেতা গংগাধৰ ৰামচিয়াৰীয়ে বিপিএফে উচ্চতম ন্যায়ালয়ৰ ওচৰত যোৱা সন্দৰ্ভতো সেউজ সংকট প্ৰদান কৰে। তেওঁ নিৰ্বাচনৰ পক্ষপাতি বুলি সদৰি কয় যে,সম্প্ৰতি ৰাইজৰ প্ৰতিনিধি নোহোৱাৰ বাবে বিটিচি ৰাইজ যথেষ্ট অসুবিধাৰ সন্মূখীন হ'ব লগীয়া হৈছে। ৰামচিয়াৰীয়ে কৰ'ণা ভাইৰাছৰ মহামাৰী ৰূপলৈ আঙুলিয়াই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে পূৰ্বৰ বিপিএফ চৰকাৰকেই সংবিধানৰ গণ্ডিত নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে শাসনভাৰৰ দায়িত্ব অৰ্পণ কৰাৰ পোষকতা কৰে।
লগতে পঢ়কঃ বানত ডুবা কাজিৰঙাত বন্যপ্ৰাণীৰ বিলৈ