ETV Bharat / state

লক্ ডাউনৰ মাজতে অনুষ্টুপীয়াকৈ বিহু আৰু বিষহৰী পূজা পালন ! - tradition

লক্ ডাউন আৰু কৰ'ণা ত্ৰাসৰ মাজতে বড়ো সকলে পৰম্পৰা ৰাখিলে বিসহৰী পূজাৰ ৷ সামাজিক দূৰত্ব মানি পদুলিত বিহু পতাকা উৰালে মুছলপুৰৰ এজন সাংস্কৃতিক কৰ্মীয়ে ৷

people trying to obey tradition by making social distance

author img

By

Published : Apr 14, 2020, 3:26 PM IST

বৰমা, ১৪ এপ্ৰিল : এফালে কৰ'ণা মহামাৰীৰ ত্ৰাস, আনফালে লক্ ডাউন ৷ তাৰ মাজতে বছৰৰ প্ৰথম বহাগৰ দিনা দিঘেলীত বড়ো সকলে পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে বিসহৰী পূজা ৷ মনসা দেৱীৰ আগত আঁঠু লৈ মানৱ জাতিক ৰক্ষা কৰিবলৈ আশীৰ্বাদ বিচাৰে বড়ো সম্প্ৰদায়ৰ লোক সকলে ৷ উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ প্ৰকোপৰ বাবেই এইবেলি বাপতি সাহোন বিহুতি উলহ-মালহেৰে পতাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে অসমীয়া ৷ ঘৰতে থাকি অনুষ্টুপীয়াকৈ বিহুৰ নীতি-নিয়ম কৰিছে অসমৰ ৰাইজে ৷ লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত এইবাৰ কোনো ধৰণৰ বিহুৰ অনুষ্ঠান, ৰং-ধেমালিৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব অসমীয়া ৰাইজে ৷

কৰ'ণা ত্ৰাসৰ মাজতে বড়ো সকলে পৰম্পৰা ৰাখিলে বিসহৰী পূজাৰ

মুছলপুৰৰ বৰিমাখা গাঁৱৰ সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ শৰ্মাৰ উদ্যোগত তেওঁৰে পদুলিত পালন কৰা হয় হেঁপাহৰ বিহুটি ৷ বৰিমাখা শাখা সাহিত্য সভাৰ সভাপতি মণিৰাম পাঠকে বিহুৰ পতাকা উত্তোলন কৰাৰ লগে লগে দিলীপ কুমাৰ শৰ্মাই " শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচৱৰ মধু আলোড়ন" শীৰ্ষক গীতটি পৰিৱেশন কৰে ৷ সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি কণ কণ শিশুসকলে প্ৰদৰ্শন কৰে বিহু নৃত্য ৷ মহামাৰী কৰ'ণা আৰু লক্ ডাউনেও যেন বাধা দি ৰাখিব পৰা নাই বিহুৰ উচাহক ৷ সামাজিক দূৰত্ব মানি হ'লেও বিহুৰ পতাকাখন উৰুৱাই ৰখাৰ প্ৰয়াস চলাইছে সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ শৰ্মাই ৷

লক্ ডাউনৰ মাজতে অনুষ্টুপীয়াকৈ বিহু পালন

লগতে পঢ়ক : নগাঁৱত সামাজিক দূৰত্ব বজাই ৰাখি উদযাপন ৰঙালী বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.