ETV Bharat / state

বিপিএফ আৰু এবছুৰ প্ৰত্যক্ষ সংঘাতত আহত এবছু কৰ্মী

বাক্সাত আৰম্ভ হৈছে বিপিএফ আৰু এবছুৰ প্ৰত্যক্ষ সংঘাত ৷ ধবাৰে নিশা বিপিএফ দলৰ সমৰ্থকৰ আক্ৰমণত আহত হয় চাৰিজনকৈ এবছুৰ সদস্য ৷

author img

By

Published : Jun 25, 2020, 10:15 PM IST

Open Conflict between BPF and ABSU at Baksa
বাক্সাত বিপিএফ আৰু এবছুৰ প্ৰত্যক্ষ সংঘাতঃ আহত এবছু কৰ্মী

বৰমা, 25 জুন: বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন নিৰ্ধাৰণ হোৱা নাই যদিও ৰাজনৈতিক দল সমুহে অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা ৷ লক ডাউনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি ৰাজনৈতিক দল সমুহে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ ইয়াৰ মাজতে বাক্সাত আৰম্ভ হৈছে বিপিএফ আৰু এবছুৰ প্ৰত্যক্ষ সংঘাত ৷ বুধবাৰে নিশা বিপিএফ দলৰ সমৰ্থকৰ আক্ৰমণত আহত হয় চাৰিজনকৈ এবছুৰ সদস্য ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান বাক্সাৰ সূৱণখাটাত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ উল্লেখ্য যে, বিপিএফৰ প্ৰায় চল্লিশ জনীয়া এটা দলে সূৱণখাটা আঞ্চলিক এৱছুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে এবছুৱে ৷

অভিযোগ অনুসৰি বুধবাৰে বাক্সা জিলাৰ বাগানপাৰাত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিগত সময়চোৱাত ৰাইজৰ মাজত আঠুৱা, কম্বল বিতৰণ কৰিছিল পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ তথা বিপিএফৰ প্ৰাৰ্থী ফলীন্দ্ৰ বসুমতাৰীয়ে ৷ যিটো ঘটনা এৱছুৰ সদস্য সকলে প্ৰত্যক্ষ কৰিছিল ৷ ইয়াকো লৈ বুধবাৰে নিশা বিপিএফ দলৰ একাংশ কৰ্মীয়ে এবছুৰ কাৰ্যালয়ত উপস্থিত হৈ কোনো কথাৰ অৱতাৰনা নকৰাকৈ এবছুৰ কৰ্মী সকলক মাৰপিট কৰে ৷ ফলত কম-বেছি পৰিমাণে আহত হয় অৰুন বসুমতাৰী, ৰবি মোচাহাৰী, লোজয় বড়ো, হিৰণ ব্ৰহ্ম আৰু তৰুণ বসুমতাৰী ৷

ঘটনা সন্দৰ্ভত নিশাই এৱছুৰ সদস্য সকলে বৰবৰী আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰি দোষীক শাস্তি প্ৰদান দাবী জনায় ৷ লগতে ঘটনাৰ খবৰ পোৱাৰ পাছতে বৃহস্পতিবাৰে সূৱণখাটাত উপস্থিত হয় এৱছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়ো ৷ এবছু সদস্যৰ ওপৰত চলা নিৰ্যাতন কোনোপধ্যে সহ্য কৰা নহয় বুলি হুংকাৰ দি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ: বৃদ্ধি পাইছে জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.