ETV Bharat / state

অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈ কালদিয়া নৈত উটি গ'ল এজন

উল্লেখ্য যে মৃতদেহৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিবলৈ গৈ কালদিয়া নৈত গা ধুবলৈ নামি যাওতেই নৈৰ বাাঢ়নি পানীৰ কোবাল সোঁতে উটুৱাই লৈ যায় কৃপা বড়োক । জিলাখনৰ অন্তৰ্গত পূৱ অঞ্চলীৰ নিবাসী 55 বছৰীয়া কৃপা বড়ো ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান আছিল ৷

author img

By

Published : Jul 31, 2020, 7:38 PM IST

flood
কৃপা বড়ো

বৰমা,৩১ জুলাই : পুনৰ প্ৰলয়ংকাৰী বানত উটি গ'ল এজন ৷ জানিব পৰা মতে, বাক্সা জিলাৰ পূৱ অঞ্চলীত বৃহস্পতিবাৰে সন্ধিয়া 6.30 বজাত মৃতদেহ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ গৈ কালদিয়া নৈৰ বাঢ়নি পানীত উটি যায় কৃপা বড়ো নামৰ এজন লোক ৷

অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈ কালদিয়া নৈত উটি গ'ল এজন

লগতে পঢ়কঃ বটদ্ৰৱাত এম জি এনৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

শুকুৰবাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী(SDRF)ৰ বৰপেটা আৰু বাক্সাৰ মুছলপুৰৰ ১৪ জনীয়া এটা দলে কৃপা বড়োৰ উদ্ধাৰ অভিযান চলাই যদিও এই পৰ্যন্ত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ৷ জালাহ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ ৰাজবংশীৰ নেতৃত্বত চলি আছে লোকজনৰ উদ্ধাৰ অভিযান।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.