ETV Bharat / state

গোৰেশ্বৰত পুনৰ এগৰাকী ব্যক্তিৰ দেহত COVID-19

গোৰেশ্বৰত পুনৰ এগৰাকী ব্যক্তিৰ দেহত COVID-19ৰ উপস্থিতি । বহিঃৰাজ্য পৰা আহি হোম কোৱাৰেন্টাইনত থকা অৱস্থাতে লাভ কৰে ভাইৰাছৰ উপস্থিতি ।

গোৰেশ্বৰ
গোৰেশ্বৰত পুনৰ এগৰাকী ব্যক্তিৰ দেহত COVID-19
author img

By

Published : Jun 20, 2020, 12:16 PM IST

বাক্সা, ২০ জুনঃ বাক্সাৰ গোৰেশ্বৰত পুনৰ এজন ব্যক্তিৰ দেহত মহামাৰী COVID-19ৰ উপস্থিতি । গোৰেশ্বৰৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৰাজাৰমাটীত COVID-19 পজিটিভ ৰোগী ওলোৱাত শংকিত হৈ পৰিছে গাওঁবাসী ।

খবৰ অনুসৰি, বহিঃৰাজ্য পৰা আহি হোম কোৱাৰেন্টাইনত থকা যুৱকজনৰ দেহত COVID-19ৰ উপস্থিতি লাভ কৰিছে বুলি শুকুৰবাৰে অৱগত কৰে স্বাস্থ্য় বিভাগে । উল্লেখ্য যে, যুৱকজনৰ দেহত COVID-19ৰ উপস্থিতি লাভ কৰা বুলি খবৰ পোৱাৰ পাচতে শুকুৰবাৰে ৰাতিপুৱাৰে পৰা চিকিৎসাৰ বাবে হাস্পতাললৈ যাবলৈ সাজু হৈ আছিল যুৱকজন ৷ কিন্তু বহু সময় ধৰি বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত গাওঁবাসী আৰু যুৱকজনৰ পৰিয়ালত মাজত সংক্ৰমণৰ আশংকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

গোৰেশ্বৰ
গোৰেশ্বৰত পুনৰ এগৰাকী ব্যক্তিৰ দেহত COVID-19

শুকুৰবাৰে পুৱাই স্বাস্থ্য বিভাগৰ লোকক এই খবৰ দিয়া হৈছিল বুলি স্থানীয় লোকে মত প্ৰকাশ কৰে যদিও অৱশেষত নিশা ৯-৩০ বজাত COVID-19ত আক্ৰান্ত ব্যক্তিজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.