বাক্সা,20 অক্টোবৰঃ মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ কৰ্মকাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷ ঘটনা অনুসৰি চিকিৎসক গৰাকীক ড্ৰাইভিং লাইচেঞ্চৰ বাবে প্ৰৰ্যোজনীয় ফিটনেচ চাৰ্টিফিকেট দিয়াৰ নামত ধন দাবী কৰাৰ অভিযোগ উঠিছে ৷
চিকিৎসক গৰাকীক একোখনকৈ ফিটনেচ চাৰ্টিফিকেটত প্ৰদান কৰাৰ নামত এশটকাকৈ দিব লাগে ৷ যি সকলে এশ টকা দিবলৈ অমান্তি হয় তেঁওলোকক বিভিন্ন ধৰণে গালি-গালাজ কৰে চিকিৎসক গৰাাকীয়ে ৷ লাখ টকীয়া বাহন লৈ এশ টকা কিয় দিব নোৱাৰিব বুলি সাধাৰণ জনতাক প্ৰশ্ন কৰাৰ অভিযোগ উঠিছে চিকিৎক ডাঃ উৎপল বৰুৱাৰ বিৰুদ্ধে ৷
সম্প্ৰতি চিকিৎসক গৰাকীৰ ধন দাবী কৰাৰ ভিডি’অ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ জিলাখনৰ চিকিৎসক মহল আৰু সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, চিকিৎসক গৰাকীৰ বিৰুদ্ধে পূৰ্ৱেও ধন দাবী, ৰোগীক ভালদৰে পৰীক্ষা নকৰাকৈ ঔষধ প্ৰদান কৰা আগিৰ দৰে অভিযোগ আছে বুলি জানিব পৰা গৈছে ৷
আনহাতে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত দীলিপ ব্ৰোথ্ৰাই তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে ৷ লগতে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, তদন্ত প্ৰক্ৰিয়াত চিকিৎসক ডাঃ উৎপল বৰুৱা দোষী সাবস্ত্য হ’লে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৷
লগতে পঢ়কঃ কোভিড 19: ভাৰতত নতুনকৈ 46,790 আক্ৰান্ত ব্যক্তি চিনাক্ত