বাক্সা, 20 জুনঃ শুকুৰবাৰে সন্ধিয়াৰ বাক্সা জিলাৰ অন্তৰ্গত বৰলীয়া নৈত মাছ মাৰিবলৈ গৈ নিখোজ হৈ আছিল এজন যুৱক ৷ জিলাখনৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত বগৰীখুটি গাঁৱৰ পৰিমল বিশ্বাস(৪২)নামৰ লোকজন বহু সময় ধৰি ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। লগে লগে পৰিয়ালৰ লোকে বাক্সা আৰক্ষী তথা ওচৰ-চুবুৰীয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷
শনিবাৰে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল তথা বেংগলী ফেডাৰেচন আৰু বজৰংগ দলৰ লোকসকলে নৈৰ পাৰত বহু সময় বিচাৰ খোচাৰ কৰি ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰৈত পৰিমল বিশ্বাসৰ মৃতদেহ উদ্বাৰ কৰে। জানিব পৰা মতে, মাছ মাৰি থকা অৱস্থাত ভূটান পাহাৰত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত নৈৰ পানীত উটি যায় পৰিমল বিশ্বাস নামৰ লোকজন ।
লগতে পঢ়কঃ অসমৰ ভৱিষ্যৎ মংগলৰ অৰ্থে 2021ত বিজেপিক উৎখাত কৰিবই লাগিবঃ ৰিপুন বৰা
ইতিমধ্যে নাগ্ৰীজুলি আৰক্ষীৰ লোকে নৈৰ পাৰৰ পৰা মৃতদেহটো উদ্বাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ আনি মৰণত্তোৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে । ইফালে, পৰিমলৰ মৃত্যুত শোকত ভাগি পৰিছে লোকজনৰ দৰিদ্ৰ পৰিয়ালটো ৷ দিন হাজিৰা কৰি দিন পাৰ কৰা পৰিমলৰ পৰিয়ালটোক আৰ্থিকভাৱে কিছু সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷