তামুলপুৰ, ছেপ্তেম্বৰ 03 : মন্ত্ৰী-আমোলাৰ কামেৰে নহয়, ভাষণৰ ফুলজাৰিৰেহে জিলিকিছে ৰাজ্যৰ স্বাস্থ্যখণ্ড ৷ ক'ৰবাত যদি চিকিৎসালয়ত চিকিৎসক-চিকিৎসাকৰ্মী নাই, আন কৰ'বাত আকৌ এইসকল থকাৰ পিচতো প্ৰয়োজনীয় ঔষধ অথবা সুবিধা নাই ৷ মুঠতে বিসংগতিয়ে কোনোদিন লগ নেৰে বিভাগটোক ৷ এইবাৰ গোৰেশ্বৰ চিকিৎসালয়ত চিকিৎসালবলৈ আহি লটি ঘটি হ'ল দুই ভাতৃ-ভগ্নীৰ ৷
তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰপথাৰ গাঁৱৰ নৰেন দাস নাম আৰু প্ৰণিতা দাস নামৰ ভাতৃ-ভগ্নীদ্বয়ে সোমবাৰে পুৱাই কুকুৰে কামোৰা বেজী ল'বলৈ উপস্থিত হয় 30 খন বিচনাযুক্ত গোৰেশ্বৰৰ চৰকাৰী চিকিৎসালয়ত ৷ পুৱা দহ বজাত চিকিৎসকে পৰীক্ষা কৰি দুয়োকে চিকিৎসালয়ৰ পৰা বেজী ল'বলৈ কয় ৷ দুই ভাতৃ-ভগ্নীয়ে চিকিৎসালয়ৰ নাৰ্চক চিকিৎসকৰ পৰীক্ষাৰ কাগজ দিয়াৰ পাচতো কিন্তু কোনো গুৰুত্ব প্ৰদান নকৰিলে নাৰ্চগৰাকীয়ে ৷ গোটেই দিন অপেক্ষা কৰাৰ পাচত বিয়লি চাৰি বজাত বিমুখ হৈ নৰেন দাসে স্থানীয় ছাত্ৰসন্থাৰ কৰ্মীক বিষয়টো অৱগত কৰে ৷ ছাত্ৰসন্থাৰ কেইজনমান কৰ্মী আহি চিকিৎসালয়ত উপস্থিত হোৱাৰ পাচতহে নাৰ্চগৰাকীয়ে ভাতৃ-ভগ্নীদ্বয়ৰ পৰিচৰ্যা কৰে ৷ এতিয়া এইদৰেই ৰাজ্যত চলিছে হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নশীল স্বাস্থ্যখণ্ড ৷ একাংশ কৰ্মচাৰীৰৰ মইমতালিৰ বাবেই দুৰ্ভোগ ভুগিব লগীয়াত পৰিছে জনসাধাণ ৷