ETV Bharat / state

বিটিএডিত অসমীয়া সহযোগী ভাষাঃ প্ৰতিক্ৰিয়া বিটিএডিত - মুখ্য উপদেষ্টা ব্ৰজেন মহন্ত

চৰকাৰে বি টি এ ডিত বড়োসকলক আৰু বৰাকভেলিত বঙালীসকলক সন্তুষ্ট কৰাৰ কাৰণে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰাৰ লগতে বিজেপি চৰকাৰে অসমীয়া ভাষাক সংকুচিত কৰি থকা বুলি মন্তব্য কৰি অসম বিধানসভাই এক আত্মঘাটি সিদ্ধান্ত লোৱা বুলিও কয় ব্ৰজেন মহন্তই ৷

Baksa
বাক্সাৰ বৰমাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল
author img

By

Published : Jun 9, 2020, 8:27 PM IST

বৰমা, ৯ জুনঃ সংসদত বি টি এডি আৰু বৰাক ভেলীত অসময়ীয়া ভাষা বাধ্যতামূলক নহয় বুলি লোৱা সিদ্ধান্ত গ্ৰহণৰ বিৰুদ্ধে সৰৱ হৈছে অবড়ো সুৰক্ষা সমিতি অসমে ৷ অবড়ো সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্তই মঙলবাৰে বাক্সাৰ বৰমাৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি চৰকাৰে অসমৰ বৰাক ভেলি আৰু বিটিএডিত অসমীয়া সহযোগী ভাষা হিচাপে কেবিনেটত লোৱা সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰে ৷ সংবাদমেলত ব্ৰজেন মহন্তই অসমত ১৯৬০ চনত হোৱা ভাষা আন্দোলনৰ নিচিনা পুনৰ ৰাজ্যত অসমীয়া ভাষা সুৰক্ষাৰ কাৰণে ৰাজপথলৈ ৰাইজ ওলাই আহিব লাগিব বুলি মন্তব্য কৰে ৷

অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল

চৰকাৰে বি টি এ ডিত বড়োসকলক আৰু বৰাকভেলিত বঙালীসকলক সন্তুষ্ট কৰাৰ কাৰণে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰাৰ লগতে বিজেপি চৰকাৰে অসমীয়া ভাষাক সংকুচিত কৰি থকা বুলি মন্তব্য কৰি অসম বিধানসভাই এক আত্মঘাটি সিদ্ধান্ত লোৱা বুলিও কয় ব্ৰজেন মহন্তই ৷ জাতীয় সংগঠন আছু আৰু অসম সাহিত্য সভাই এই ক্ষেত্ৰত নিৰৱ হৈ থকা বুলি সংবাদমেলত অভিযোগ কৰে মুখ্য উপদেষ্টা গৰাকীয়ে ৷
লগতে পঢ়কঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

বড়ো ছাত্ৰ সংগঠন এবছুই অসমত অসমীয়া ভাষা বাধ্যতামূলক হ'ব নালাগে বুলি কোৱা কথাক গৰিহণা দিয়ে ব্ৰজেন মহন্তই ৷ ইফালে বি টি এ ডিৰ ৰাজনৈতিক পেক্ষাপটৰ ক্ষেত্ৰত বি চি এ ডিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু বি টি এ ডিৰ হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসন কালত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যপাল জগদীশ মুখীক অভিযোগ দিয়া বুলি কয় ব্ৰজেন মহন্তই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.