বাক্সা, ১৩ ছেপ্টেম্বৰ: বিটিআৰৰ পৰা অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তন, বিটিএডিত বসবাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ আৰু বিভিন্ন দাবীৰ সমৰ্থনত আজি বাক্সা জিলাৰ মুছলপুৰত অবড়ো সুৰক্ষা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Abro Suraksha Samiti protest in Musalpur)। অবড়ো সুৰক্ষা সমিতিৰ সদস্য সকলে বিটিআৰ চুক্তি অনুসৰি অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তনৰ দাবী জনায় ৷
উল্লেখ্য যে বিটিআৰ চুক্তিৰ পিছত চৰকাৰে পি পি বাৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তনৰ বাবে যি দায়িত্ব দিছিল, সেয়া আজিও কাৰ্যকৰী নহ'ল বুলি অভিযোগ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ৷ যাৰ বাবে আজি অবড়ো সুৰক্ষা সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷
প্ৰতিবাদকাৰীসকলে বিটিআৰৰ পৰা অবড়ো গাঁও কৰ্তন কৰক, বিটিআৰত অবড়োৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰক, বিটিআৰত ভাষাৰ অধিকাৰ সুৰক্ষিত কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ চৰকাৰে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে অহা ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে, প্ৰতিবাদস্থলীতে সাংসদ নৱ কুমাৰ শৰণীয়াই অবড়ো সুৰক্ষা সমিতিক ভাগ ভাগ কৰি দূৰ্বল কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে অবড়ো সুৰক্ষা সমিতিৰ মুখ্য সম্পাদক যোগেশ্বৰ কলিতাই ।
লগতে পঢ়ক:চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক চোৰ-ডকাইত বুলি সম্বোধনৰ অভিযোগ