বাক্সা,3 মে’ঃ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পঠালিকুছিৰ মহেশ কলিতাৰ পৰিয়ালৰ মাজলৈ নামি আহে ঘোৰ অমানিশা । এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত মহেশ কলিতা বিগত ২৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া টিউচন কৰি ঘৰলৈ উভতি অহা অৱস্থাত অচিনাক্ত বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় ৷ ৰঙিয়া-ভূটান সংযোগী ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কলিতাক পৰিয়ালৰ লোকে গুৱাহাটীৰ স্বাগত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বিগত দুমাহ ধৰি চিকিৎসালয়ৰ আই চি ইউ-ত জীৱন-মৃত্য়ুৰে যুঁজি আছে ব্য়ক্তি গৰাকীয়ে ৷
আনহাতে,বিগত তিনি বছৰে ব্যক্তিগৰাকীৰ 12 বছৰীয়া পুত্ৰ মৃণ্ময় কলিতা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন পুত্ৰৰ বাওঁফালৰ বৃক্কটো অচল হৈ পৰাত চিকিৎসকে শীঘ্ৰে অস্ত্ৰোপচাৰৰ পৰামৰ্শ আগবঢ়াইছিল ৷ কিন্তু আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাত মহেশ কলিতাই সন্তানৰ চিকিৎসাৰ বাবে ধন বিচাৰি হাবাথুৰি খোৱাৰ লগতে স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিক্ৰী কৰি পুত্ৰৰ চিকিৎসাৰ বাবে ধন গোটায় । পুত্ৰৰ চিকিৎসাৰ পূৰ্বে ব্যক্তিগৰাকী দুৰ্ঘটনাত পতিত হোৱাত সঞ্চিত ধন চিকিৎসাৰ নামত ব্যয় হয় ৷
দীৰ্ঘদিনে চিকিৎসাধীন কলিতাৰ চিকিৎসা ব্যয় বৃদ্ধি পোৱাত উৱাদিহ হেৰুওৱাৰ উপৰিও লক্ ডাউনৰ বাবে খাদ্য সংকটত ভুগিছে পৰিয়ালটো ৷ সম্প্ৰতি পিতা-পুত্ৰৰ চিকিৎসাৰ বাবে বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন পৰিয়ালটোক ৷ সেয়ে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ সুহৃদ লোকৰ পৰা সহায় বিচাৰি পৰিয়ালটোৱে এক বেংক একাউণ্ট নম্বৰ আগবঢ়াইছে ৷ নম্বৰটো হৈছে- Mahesh Kalita A/c No- 389802010003605 IFSC- UBIN0538981 ৷
লগতে চাওকঃ ভুৱা ই-পাছ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ধুবুৰী জিলা প্ৰশাসন