ETV Bharat / state

বাক্সাত ৰাষ্ট্ৰীয় একতা দিৱস পালন

author img

By

Published : Oct 31, 2021, 10:33 PM IST

বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পাটকীজুলিস্থিত ৬৪ নং সশস্ত্ৰ সীমা বলে দেওবাৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰে ৷

National Unity Day celebrated in Baksa
বাক্সাত ৰাষ্ট্ৰীয় একতা দিৱস পালন

বাক্সা, ৩১ অক্টোবৰ : ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৬ তম জন্ম দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰততে দেওবাৰে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় ৷ ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ পাটকীজুলিস্থিত ৬৪ নং সশস্ত্ৰ সীমা বলে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰে ৷

বাক্সাত ৰাষ্ট্ৰীয় একতা দিৱস পালন

ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি পুৱা জোৱানসকলৰ এক সামূহিয়া দৌৰ আৰু চাফাই কাম কৰা হয় ৷ অনুষ্ঠানটো উদ্বোধন কৰে পাটকীজুলীত থকা ৬৪ নং সশস্ত্ৰ সীমা বলৰ কামাণ্ডেণ্ট নন্দ কিশোৰ ভট্টই ৷ তেওঁ জোৱানসকলৰ আগত ভাষণ ৰাখি কয় যে, চৰ্দাৰ বল্লভ ভাই পেটেলে ভাৰতবৰ্ষৰ অখণ্ডতাৰ হকে যুঁজি গৈছিল ৷

ভাৰতবৰ্ষৰ জনতাক একতাৰ দলেৰে বান্ধি ৰখা চৰ্দাৰ বল্লভ ভাই পেটেলে সদায় কাম কৰি গৈছিল ৷ সেয়েহে তেওঁক লৌহমানৱ বুলি সকলোৰে মাজত পৰিচিত আৰু তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক : বঙাইগাঁৱত বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.