তামুলপুৰ, 23 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে তামুলপুৰৰ 134নং তামুলপুৰ মজলীয়া বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷
নিজ মাতৃ আৰু পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰৱল আত্মবিশ্বাসী নৱ কুমাৰ শৰনীয়া ৷ সমষ্টিটোত অন্য প্ৰাৰ্থীৰ সৈতে বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷