বাক্সা , 19 মে': বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰকুছিত শনিবাৰে পুৱা চিপ লোৱা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ নলবাৰীৰ দলগোবিন্দপুৰৰ এই যুৱকজনে বিগত তিনি বছৰে উত্তৰকুছিত ভাড়াতীয়া হিচাপে থাকি এখন বাচত হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল ৷
তেনে সময়তে এটা ভাড়া ঘৰত স্থানীয় লোকে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ স্থানীয়লোকৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷ কিন্তু মৃত যুৱকজনৰ পৰিয়ালৰ সদস্য উপস্থিত অবিহনে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাত এতিয়া জাঙুৰ খাই উঠিছে পৰিয়ালপ লোক৷ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি যুৱকজনক পৰিকল্পিত হত্যা কৰা বুলি অভিযোগ উত্থাপিত কৰে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে বৰবৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ঘটনাটোৰ উচিত তদন্তৰ দাবী জনায় ৷