ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত নৃশংস হত্যাকাণ্ড

author img

By

Published : Mar 13, 2020, 12:26 PM IST

Updated : Mar 13, 2020, 12:41 PM IST

বিগত কিছু দিনৰ পৰা মাতৃ গৃহত আছিল প্ৰকাশৰ পত্নী ৷ বৃহস্পতিবাৰে নিশা শহুৰৰ ঘৰলৈ আহে প্ৰকাশ মণ্ডল ৷ সেই সময়তে পত্নীৰ ভাতৃ মানিক শীলে (২১) ঘৰৰ পৰা এখন দা হাতত লৈ খেদি খেদি এখন মুকলি পথাৰত ভিনিয়েক প্ৰকাশ মণ্ডলক দাৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰে ৷

তামুৰপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটাত হত্যাকাণ্ড

বাক্সা, 13 মাৰ্চঃ তামুৰপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ এন চি আঙাৰকাটাৰ প্ৰকাশ মণ্ডল ( ২৫ ) নামৰ এজন লোকক বৃহস্পতিবাৰে নিশা নিজৰ খুলশালীয়ে খেদি খেদি দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰকাশ মণ্ডলৰ পৰিয়ালে ৷

জানিব পৰা মতে, বিগত কিছু দিনৰ পৰা মাতৃ গৃহত আছিল প্ৰকাশৰ পত্নী ৷ বৃহস্পতিবাৰে নিশা শহুৰৰ ঘৰলৈ আহে প্ৰকাশ মণ্ডল ৷ সেই সময়তে পত্নীৰ ভাতৃ মানিক শীলে (২১) ঘৰৰ পৰা এখন দা হাতত লৈ খেদি খেদি এখন মুকলি পথাৰত ভিনিয়েক প্ৰকাশ মণ্ডলক দাৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰে ৷ হত্যাকাণ্ডৰ পাছতে দা খন নিজ গৃহত থৈ পলায়ন কৰে মানিক শীল ৷ ইতিমধ্যে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে প্ৰকাশ পৰিয়ালৰ লোকে ৷

আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত প্ৰকাশ মণ্ডলৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৃত প্ৰকাশ মণ্ডলৰ পত্নী আৰু খুলশালী সঞ্জয় শীলক সোধ পোছৰ কাৰনে থানালৈ আনে ৷ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মৃত প্ৰকাশ মণ্ডলে নিজৰ শাহুয়েকক কোবাই কোবাই হত্যা কৰি জেলৰ ভাত খাব লগা হৈছিল বুলি প্ৰকাশ কৰে প্ৰকাশৰ শহুৰেকৰ পৰিয়ালে৷

Last Updated : Mar 13, 2020, 12:41 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.