বাক্সা, 30 মে’: বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী মধুপুৰ নামৰ এটি দুৰ্গম অঞ্চল। বৃহস্পতিবাৰে এই অঞ্চলৰে মধুপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দীপক উজীৰ আৰু শিখা দত্তৰ নেতৃত্বত বাক্সা আৰু বৰপেটা জিলাৰ কেইগৰাকী মান উদীয়মান যুৱক যুৱতীয়ে ‘মন যায়’ নামৰ অনুষ্ঠানৰ জৰিয়তে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ দুই শতাধিক লোকক বিভিন্ন বস্ত্ৰ উপহাৰ দিয়ে। সাংবাদিক নিকুঞ্জ কলিতাই উদ্বোধন কৰা এই বস্ত্ৰ দান অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত নৃত্য গীত প্ৰতিযোগিতা,চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও এখন কবি সন্মিলনো অনুষ্ঠিত কৰা হয় ৷ কবি সন্মিলনত উদীয়মান কবি অশ্ৰুনীল উজিৰ,গৌতম ৰাভা,প্ৰদীপ দাস ঠাকুৰ আৰু সাংবাদিক ৰিদিপ জ্যোতি দাসে স্বৰচিত কবিতা পাঠেৰে ৰাইজক আপ্লুত কৰি তোলে।
লগতে পঢ়ক: হঠাত কৰ্ম-সংস্থাপনহীন হৈ পৰিল যোৰহাটৰ একাংশ লোক
উল্লেখ্য যে বৃহস্পতিবাৰৰ এই অনুষ্ঠানতে কবি গৌতম ৰাভা,কবি প্ৰদীপ দাস ঠাকুৰ, সাংবাদিক নিকুঞ্জ কলিতা,ৰেইনবো একাডেমীৰ বিষয় শিক্ষক ৰতন ৰাভা আৰু সমাজ সেৱী যুৱতী শিখা দত্তক তেওঁলোকে নিজ নিজ ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘মন যায়’ অনুষ্ঠানৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 'মন যায়' অনুষ্ঠানৰ জৰিয়তে এই সকল যুৱক যুৱতীয়ে লোৱা এনেধৰণৰ পদক্ষেপক অঞ্চলটোৰ ৰাইজে আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ এই যাত্ৰা ভবিষ্যতে অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে।