ভৱানীপুৰ,২৬ ছেপ্টেম্বৰ: বাক্সা জিলাৰ ককলাবাৰীত হ'ব এখন 'হেণ্ডলুম মডেল ভিলেজ' অৰ্থাৎ আদৰ্শ হস্ততাঁত গাঁও ৷ আদৰ্শ হস্ততাঁত গাঁওখনৰ আনুষ্ঠানিকভাৱে মঙলবাৰে আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । আধাৰশিলা স্থাপনৰ সৈতে সংগতি ৰাখি ককলাবাৰীত দৌলসত্ৰত অনুষ্ঠিত এখন বিশাল জনসভাত অতিথিৰূপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

প্ৰমোদ বড়োৱে নিজৰ ভাষণ প্ৰসংগত কয়- "আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ হৈ গৌৰৱ অনুভৱ কৰোঁ । ভাৰতত ২৭ লাখ শিপিনী আছে । তাৰে অসমত আছে ১৪ লাখ আৰু আমাৰ বি টি আৰত ৩ লাখতকৈ অধিক শিপিনী আছে । এই তিনি লাখ শিপিনীয়ে যদি বোৱা-কটা কামত মনোনিৱেশ কৰে; তেন্তে ভাবি চাওঁক আমি কিমান টকা উপাৰ্জন কৰিব পাৰোঁ ।"

লগতে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ভাষণত হেণ্ডলুম আদৰ্শ গাঁও প্ৰকল্প সম্পৰ্কত কয় যে-"অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৱে এই সমষ্টিৰ প্ৰতিনিধি হিচাপে তিনি কোটি সোতৰ লাখ টকা ব্যয়েৰে হেণ্ডলুম আদৰ্শ গাঁৱৰ প্ৰকল্পটো ৰূপায়নৰ ব্যৱস্থা কৰিছে । ইয়াৰ জৰিয়তে ৪৭৮ গৰাকী শিপিনী উপকৃত হ'ব । ইয়াত শিপিনীসকলক উন্নত আৰু আধুনিক বস্ত্ৰ উৎপাদন, ডিজাইন, ৰং কৰা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।"

হস্ততাঁত বস্ত্ৰৰ বজাৰৰ সমস্যাৰ কথা উল্লেখ কৰি বিটিআৰ প্ৰধানজনে কয় যে পাৱাৰলুমৰ বস্ত্ৰই যাতে হস্ততাঁত শিল্পক গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে আইন প্ৰস্তুত কৰি আছে । বড়োলেণ্ডত ৰেচম শিল্পৰ বহুত সম্ভাৱনা আছে বুলি উল্লেখ কৰি বিটিআৰত ৰেচম মিছন প্ৰস্তুত কৰাৰ কথাও তেওঁ উল্লেখ কৰে । বিটিআৰ চৰকাৰে মহিলাৰ আৰ্থিক উন্নয়নত অধিক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে লাখপতি মহিলা আঁচনিৰ অধীনত অলপতে ছয় হাজাৰ আৰু পৰৱৰ্তী সময়ত অতিৰিক্ত দহ হাজাৰ আত্মসহায়ক গোটক চেক বিতৰণ কৰা হ'ব ৷
গাঁও অঞ্চলৰ উন্নয়নৰ বাবে ৰুৰেল ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্থাপন কৰা হ'ব বুলিও উল্লেখ কৰে তেওঁ। বিটিআৰৰ প্ৰধান বিৰোধী দল বি পি এফৰ বিৰুদ্ধেও সৰৱ হ'ল প্ৰমোদ বড়ো । বিপিএফ চৰকাৰৰ দিনত ৰাজনীতি কৰি বহুতো গণ্ডগোল কৰি থৈ গ'ল বুলি উল্লেখ কৰি বি টি আৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ উল্লেখ কৰে । তাৰ ভিতৰত জ্ঞান সৌৰাং বিথাংখি, অনসাই বিথাংখি আদি আঁচনিৰ কথা কয় । বি টি আৰৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানক দুই লাখ কৈ আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও কয় ।
বি টি চিলৈ যি অলপ টকা আহে তাৰ সদ ব্যৱহাৰ কৰি উন্নয়নৰ কাম কৰি থকা হৈছে । প্ৰমোদ বড়োৰ দাবী যে এতিয়া বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা হৈছে । আগৰ দৰে বন্দুক-বাৰুদৰ ভয়-শংকাৰ পৰিবেশ নাই বড়োভূমিত । ৭০০ খনৰ অধিক বিদ্যালয় মেৰামতি কৰা হ’ব আৰু আগৰ চৰকাৰে অনিয়ম কৰি থৈ যোৱা বাৰখন পকী দলং নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা পৰে প্ৰমোদ বড়োৱে । সামাজিক পৰিৱেশ উন্নত কৰাৰ বাবে ড্ৰাগছ, মদ, জুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা উল্লেখ কৰে ।
আনহাতে সভাখনত মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দি মহিলাৰ আৰ্থিক উন্নতিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা হেণ্ডলুম মডেল ভিলেজ আঁচনিৰ বিষয়ে নিজৰ ভাষণত বিৱৰি কয় মন্ত্ৰী ইউ জি ব্ৰহ্ময়ে । তেওঁ কয় যে আঁচনি অনুসৰি তিনি কোটি সোতৰ লাখ টকাৰে নুজুৰিলে পুনৰ ধনৰ আৱন্টন দিয়া হ'ব আৰু বি টি আৰ চৰকাৰেও এই ক্ষেত্ৰত সহায় কৰিব । ইয়াৰ আগেয়ে পূৰ্বৰ ককলাবাৰী এম, ই স্কুল চৌহদত ককলাবাৰী হেণ্ডলুম মডেল ভিলেজৰ শিলান্যাস কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।
সভাত বি টি চিৰ ই এম ৰাকেশ ব্ৰহ্ম, বি টি চিৰ অধ্যক্ষ কাতিৰাম বড়ো, ই এম ঘনশ্যাম দাস, ধনঞ্জয় বসুমতাৰী,এম চি এল এ মণ্টু বড়ো প্ৰমুখ্যে কেবাগৰাকীও ই এম, অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ বিষয়া, ইউ পি পি এলৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা সভাত উপস্থিত থাকে । সভাত ১৭ গৰাকী নিৰ্বাচিত শিপিনীক প্ৰত্যেককে এক লাখ বিশ হাজাৰ টকাৰ একোখনকৈ এককালীন সাহায্যৰ চেক বিতৰণ কৰা হয় ।
লগতে পঢ়ক: Gulab Chand Kataria news:লখিমপুৰত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া