ETV Bharat / state

মুছলপুৰত পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

author img

By

Published : May 13, 2020, 7:56 PM IST

বহিঃৰাজ্যৰ পৰা আহি অসমত উপস্থিত হ’বলগীয়া লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ক্ৰটি এৰা নাই ৷ বৃহস্পতিবাৰে বাক্সাৰ অন্যতম প্ৰাণকেন্দ্ৰ মুছলপুৰ পৰিভ্ৰমণ কৰি অসম চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে জিলাখনত কোৱাৰেণ্টাইন কেন্দ্ৰৰ অভাৱৰ কথা উল্লেখ কৰি দল-সংগঠনৰ পৰা সহায় বিচাৰে ৷

minister rihan daimary attened a review meeting at musalpur baksa assam etv bharat news
পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

বৰমা,13 মে’: ৰাজ্যৰ বাহিৰৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে গৃহভুমিত উপস্থিত হ’ব বহু লোক ৷ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো অধিকাংশ লোক উপস্থিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ উক্ত লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত স্কেনিং সম্পন্ন কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ’ব ৷ যাৰ বাবে সহায়ৰ প্ৰয়োজন হ’ব জিলাখনৰ সকলো দল-সংগঠন তথা ৰাইজৰ ৷ বৃহস্পতিবাৰে বাক্সাৰ মুছলপুৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে অংশ লোৱা পৰ্যালোচনা সভাত এই কথা ব্যক্ত কৰে ৷ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত উক্ত সভাত বিভিন্ন দল-সংগঠনৰ সৈতে মিলিত হৈ জিলাখনৰ পৰিস্থিতিৰ বুজ লয় ৷

আনহাতে, জিলাখনলৈ বহিঃৰাজ্যৰ পৰা আহিবলগা লোকসকলক কোৱাৰেণ্টাইনত ৰখাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁঠনিৰ অভাৱৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত দল-সংগঠনৰ সহায় বিচাৰে মন্ত্ৰী গৰাকীয়ে ৷ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক সম্প্ৰতি গাঁৱৰ ক্লাবঘৰ নাইবা বিদ্যালয়সমূহত কোৱাৰেণ্টাইন কৰা হ’ব ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই Covid 19 ৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসকৰ কাৰণে পিপিই কীটকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷

স্বাস্থ্য় মন্ত্ৰীক প্ৰশংসা ৰিহণ দৈমাৰীৰ

লগতে চাওকঃ ৰেলষ্টেচনত উপস্থিত ঠিকেই ! কিন্তু ঘৰলৈ যাবলৈ নাই কোনো ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.