বাক্সা, 27 এপ্ৰিল : বাক্সাৰ গোৰেশ্বৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিজন আচাৰ্য্য-আচাৰ্যাক ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই প্ৰদান কৰে ১ হাজাৰকৈ আৰ্থিক সাহাৰ্য ৷ সোমবাৰে মন্ত্ৰী গৰাকীয়ে গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰদান কৰে এই সাহাৰ্য ৷ গোৰেশ্বৰস্থিত শংকৰদেৱ শিশু নিকেতনৰ ৩৩ গৰাকী কৰ্মচাৰী সহায়িকাক ১ হাজাৰ টকাকৈ প্ৰদান কৰে ৷ উল্লেখ্য যে,মন্ত্ৰী গৰাকীয়ে এইয়া কোনো বিটিচি নিৰ্বাচনৰ কড অফ কণ্ডাকত নধৰিবলৈ আহ্বান জনায়। কাৰণ দেশৰ লক ডাউনৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীৰ বহু অসুবিধাৰ সন্মুখীন হৈছে সেয়ে তেওঁ এই আৰ্থিক সাহাৰ্য প্ৰদান কৰে বুলি সদৰি কৰে ।
সংকটৰ সময়ত মন্ত্ৰীগৰাকীৰ এনে সহায়ে শংকৰদেৱ শিশু নিকেতনৰ ৩৩ গৰাকীকে কৰ্মচাৰীক উপকৃত কৰিব বুলি কৈ মন্ত্ৰী ভৱেশ কলিতাৰ এই কাৰ্যৰ শলাগ লৈছে নিকেতনৰ আচৰ্য্য আচাৰ্যাসকলে ৷
লগতে পঢ়ক: কোভিড-19 : বঙাইগাঁৱত হোম কোৱাৰেণ্টাইনত এজনৰ মৃত্যু