ETV Bharat / state

প্ৰতিটো জনগোষ্ঠীকে ভূমি পট্টা প্ৰদান কৰা হ’ব: হাগ্ৰামা মহিলাৰী

বাক্সাৰ 21 নং শালবাৰী পৰিষদীয় সমষ্টিত বিপিএফৰ বিশাল মহিলা সমাৰোহ সম্পন্ন ৷ প্ৰতিটো জনগোষ্ঠীকে ভূমি পট্টা প্ৰদান কৰাৰ আশ্বাস হাগ্ৰামা মহিলাৰীৰ ৷

author img

By

Published : Nov 7, 2020, 10:19 PM IST

mahila samaroh attended by hagrama mahilary in baksa assam etv bharat news
বিপিএফৰ বিশাল মহিলা সমাৰোহ সম্পন্ন

বৰমা,7 নৱেম্বৰ: বিটিআৰত চলিছে নিৰ্বাচনী গৰম বতাহ ৷ ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ৰাইজৰ মন মুগ্ধ কৰাত এতিয়া ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল ৷ শনিবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত সাউদৰভিঠাত বিপিএফ দলৰ এক মহিলা সমাৰোহত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ উক্ত সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা যি সকল বঙালী, মুছলমান আৰু আদিবাসী সম্প্ৰদায়ৰ লোকে বিটিআৰত বাস কৰি আহিছে, সেইসকলক ভূমি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷

বিপিএফৰ বিশাল মহিলা সমাৰোহ সম্পন্ন

তদুপৰি উক্ত সভাতে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক কঠোৰ সমালোচনা কৰি মহিলাৰীয়ে কয় যে, প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ অপব্যৱহাৰ কৰি চৰকাৰী ভূমি দখল কৰি থকা লোকসকলক উচ্ছেদ কৰিব বিচৰা বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ইয়াৰ লগতে কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে ৷

লগতে চাওকঃ ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.