ETV Bharat / state

বাক্সাৰ কুমাৰীকাটাত এটি শিশুৰ দেহত চুম্বকীয় শক্তিৰ উদ্ভৱ

author img

By

Published : Jun 15, 2021, 10:34 PM IST

মঙলবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ এটি ১০ বছৰীয়া শিশুৰ শৰীৰত লাগি ধৰিছে চামুচ, ব্লেড আৰু নগদ টকা । শিশুটি কুমাৰীকাটা ডনবস্ক’ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজবীৰ প্ৰধান বুলি জানিব পৰা গৈছে ৷

magnate_boy
বাক্সাৰ কুমাৰীকাটাত এটি শিশুৰ দেহত চুম্বকীয় শক্তিৰ উদ্ভৱ

বাক্সা, ১৫জুন : বিগত কেইবাদিনো ধৰি সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰি আহিছে চুম্বক মানৱে ৷ এই চুম্বক মানৱ কোনো ভগৱান প্ৰদত্ত ঐশ্বৰিক গুণৰ অধিকাৰী নহয় ৷ এচামৰ মতে, এই চুম্বক মানৱৰ আবিৰ্ভাৱ হৈছে ক’ভিড-19ৰ ভেকচিন গ্ৰহণৰ পাছতে ৷

এই লৈ যোৱা কেইবাদিনো ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বহু ফটো ভিডিঅ’ আৰু ফটো ৷ এই ফটো বোৰত প্ৰকাশ কৰা অনুসৰি ভেকচিন লোৱাৰ পাচত একাংশ লোকৰ দেহত ধৰা পৰিছে চুম্বকীয় শক্তিৰ ৷

উল্লেখযোগ্য যে, শেহতীয়াকৈ এই চুম্বক মানৱৰ আৱিৰ্ভাৱ হৈছে অসমতো ৷ অসমৰ চিৰাং জিলাতো সংঘটিত হৈছে এই অবিশ্বাস্য ঘটনা ৷ বিজনীৰ কাৱাটীকাৰ শিৱশংকৰ অধিকাৰী নামৰ এজন লোকৰ দেহত চামুচ, হেতা, মুদ্ৰা, খন্তি আদি লাগি ধৰাত এই লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

তাৰপাচতে মঙলবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ এটি ১০ বছৰীয়া শিশুৰ শৰীৰত লাগি ধৰিছে চামুচ, ব্লেড আৰু নগদ টকা । শিশুটি কুমাৰীকাটা ডনবস্ক’ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজবীৰ প্ৰধান বুলি জানিব পৰা গৈছে ৷

কুমাৰীকাটাৰ বিজু প্ৰধান আৰু মীনা প্ৰধানৰ দহ বছৰীয়া পুত্ৰ ৰাজবীৰ প্ৰধানৰ দেহত আজি তিনি দিন ধৰি এনেধৰণে চুম্বকীয় শক্তিয়ে ক্ৰিয়া কৰি আছে বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই কাণ্ড দেখি আচৰিত হৈ পৰিছে স্থানীয় লোকসকল ।

লগতে পঢ়কঃ বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.