বাক্সা, ৯ জানুৱাৰী : ৰাজ্য সকলো প্ৰান্ততে এতিয়া ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৷ এফালে যদি ডেকা সকলে পথাৰত ভেলা ঘৰ-মেজি সজাত ব্যস্ত আনফালে গাঁৱৰ জীয়ৰী-বোৱৰী সকলে পিঠা পনা যোগাৰ কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যান্ত্ৰিকতাৰ কৱলত পৰি গাঁও সমূহত বিহু প্ৰাক মুহূৰ্তত শুনিবলৈ পোৱা ঢেঁকীৰ মাত যদিও হেৰাই গৈছে তথাপিও কিছু সংখ্যক গাঁৱত শুনিবলৈ পোৱা এটা দুটা ঢেঁকীৰ মাতে এতিয়াও প্ৰদান কৰিছে ভোগালীৰ সুকীয়া মাদকতা ৷

এনে এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী পশ্চিম আলাগজাৰ গাঁৱত । কঙালীক আঁতৰাই ভোগালীক আদৰাৰ প্ৰস্তুতিয়ে এতিয়া আলাগজাৰৰ গাঁৱত সৃষ্টি কৰিছে উখল মাখল পৰিৱেশৰ । গাঁওখনৰ যুৱক সকলে একলগ হৈ নিৰ্মাণ কৰি উলিয়াইছে এটি দুমহলীয়া ভেলাঘৰ আৰু মেজি । পোনছাতেই ক'বলৈ গ'লে গাঁওখনৰ ডেকা-বুঢ়া, যুৱক-যুৱতী সকলো ওলাই আহি ঢোল-পেপাৰ তালে তালে সকলোৱে নাচি-বাগি আনন্দত মতলীয়া হৈ পৰিছে ৷
লগতে পঢ়ক : উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া