তামুলপুৰ, 22 চেপ্তেম্বৰঃ এইবাৰ ছাত্ৰনেতাৰ প্ৰতাৰণাৰ বলি হ'ল এগৰাকী যুৱতী ৷ কোনো লাভ জেহাদ নহয়, এগৰাকী যুৱতীৰ উপাৰ্জনেৰে চলা এগৰাকী ছাত্ৰনেতাৰ কাহিনী এয়া ৷ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চানতালী ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন টুডুৰ বিৰুদ্ধে ৷
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সাহপুৰ গাঁৱৰ বাসিন্দা চামলাল চৰেনৰ জীয়ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৰাজেশ টুডুৰ ৷ চিৰাং জিলাৰ চিডলী আৰক্ষী চকীৰ অন্তৰ্গত ঝাউলীয়াবাৰী গাঁৱৰ নিবাসী চোম টুডুৰ পুত্ৰ তথা প্ৰাক্তন ছাত্ৰনেতা হৈছে এইগৰাকী ৰাজেশ টুডু ৷ 2015চনৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৷ প্ৰেমৰ সম্পৰ্ক ইমানেই গভীৰ হৈছিল যে, দুয়োৰে মাজত শাৰীৰিক সম্পৰ্কও স্থাপন হৈছিল ৷ কিন্তু এতিয়া সেইগৰাকী যুৱতীকে বিয়া নকৰোৱাৰ প্ৰস্তাৱ দিয়ে লম্পট ছাত্ৰনেতা ৰাজেশ টুডুৱে ৷
দৰাচলতে দুখীয়া ঘৰৰ সন্তান হোৱা বাবেই যুৱতীগৰাকীয়ে তামিলনাডুলৈ কাম কৰিবলৈ গৈছিল ৷ তামিলনাডুত কাম কৰি থকা অৱস্থাতে ছাত্ৰনেতাগৰাকীয়ে যুৱতীগৰাকীৰ পৰা বহু পৰিমানে টকা সংগ্ৰহ কৰিছিল ৷ একমাত্ৰ প্ৰেমৰ বাবেই ৰাজেশক নিজৰ কষ্টোপাৰ্জিত ধনৰ পৰাই অধিকাংশ টকা প্ৰদান কৰিছিল যুৱতীগৰাকীয়ে ৷ শেহতীয়াকৈ যুৱতীগৰাকী নিজৰ ঘৰলৈ অহাৰ পিচতে কথাৰ সুৰ সলনি কৰি যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক শেষ কৰাৰ কথা প্ৰকাশ কৰে নিৰ্লজ ৰাজেশ টুডুৱে ৷
ঘটনা সন্দৰ্ভত যুৱতীৰ পৰিয়ালে তামুলপুৰ আৰক্ষী চকীত এমাহ পূৰ্বেই এজাহাৰ দাখিল কৰে ৷ কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, এমাহ পিচটো আৰক্ষীয়ে আজিলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ একমাত্ৰ দুখীয়া ঘৰৰ হোৱা বাবেই এইদৰে ন্যায়ৰ পৰা বঞ্চিত হৈ আছে এগৰাকী অসহায় যুৱতী ৷