ETV Bharat / state

বাক্সাত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Jun 28, 2022, 9:17 PM IST

বাক্সাত কেবিনেট মন্ত্ৰী যোগেন মহনৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন ৷ বান বিধ্বস্ত বাক্সা জিলাৰ সকলো অঞ্চলৰ লগতে বৰমা সমষ্টিৰ ভিন্ন স্থান পৰিভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে(Jogen Mohan visits flood affected area in Baksa) ।

jogen-mohan-visits-flood-affected-area-in-baksa
বাক্সাত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

বাক্সা, ২৮ জুন: চলিত বছৰটোত কেইবাটাও প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে অসম । দুটাকৈ বানত একপ্ৰকাৰ ৰাজ্যখনৰ প্ৰতিখন জিলাই ক্ষতিগ্ৰস্ত হৈছে । এতিয়াও বিভিন্ন জিলাত বানৰ পৰা মুক্ত হ'ব পৰা নাই ৰাইজ (Flood situation in Assam)। হাজাৰ হাজৰ লোক এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে ।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মঙলবাৰে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী যোগেন মহনে(Jogen Mohan visits flood affected area in Baksa) । মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলাখনৰ মুছলপুৰত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উপায়ুক্তৰ সৈতে এখনি বৈঠকত মিলিত হয় ।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বৰমাত উপস্থিত হৈ পৰিদৰ্শন কৰে বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে মৰাপাগলদিয়া নদীৰ মথাউৰি ৷ বান বিধ্বস্ত বাক্সা জিলাৰ সকলো অঞ্চলৰ লগতে বৰমা সমষ্টিৰ ভিন্ন স্থান পৰিভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে, জিলাখনৰ নিকাছি সুৱনখাটাৰ পথৰ সংযোগী দিৰিং নদীৰ ওপৰত থকা পকী দলং পুনৰ মেৰামতিৰ ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ সময়মতে নদীবান্ধ নিৰ্মাণ কৰিলে কোনো সমস্যাৰ সন্মুখীন হ'বলগা নহয় বুলিও উল্লেখ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, এই চৰকাৰে উন্নত মানদণ্ডৰে কাম কৰিবলৈ বদ্ধপৰিকৰ ৷ লগতে বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক পুনঃসংস্থাপনৰ কাৰণে উপায়ুক্তসকলক দায়িত্ব দিয়া তথা কৃষকৰ খেতি নষ্ট হোৱা আৰু পুখুৰীত থকা মাছ ওলাই যোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ ইফালে, পৰিৰ্দশন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ লগতে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে ।

লগতে পঢ়ক : Assam flood : বানাক্ৰান্তক উদ্ধাৰৰ বাবে ক্ৰয় কৰা হ'ব ৫০খন অত্যাধুনিক নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.