ETV Bharat / state

তামুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টঙালি বান্ধিছে যশৱন্ত চৌহানে - 58 নং তামুলপুৰ বিধানসভা সমষ্টি

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে যশৱন্ত চৌহানে ৷ 58 নং তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিছাপে প্ৰতিদ্বন্দিতা কৰাৰ বাবে সাজু হৈছে প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানৰ জ্যেষ্ঠ পুত্ৰ যশৱন্ত চৌহান ৷

jashwant singh gears up to contest from tamulpur lac in assam poll 2021
তামুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টঙালি বান্ধিছে যশৱন্ত চৌহানে
author img

By

Published : Mar 24, 2021, 2:29 PM IST

বাক্সা, 24 মাৰ্চ: 58 নং তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিছাপে মনোনয়ন পত্ৰ দাখিলৰ পাছতে নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানৰ জ্যেষ্ঠ পুত্ৰ যশৱন্ত চৌহান ৷ নিৰ্দলীয় হিছাপে প্ৰাৰ্থীত্ব আগবঢ়োৱা চৌহানক বিভিন্ন দল সংগঠনে পূৰ্ণ সমৰ্থন দিয়া পৰিলক্ষিত হৈছে ৷

প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, নিৰ্বাচনৰ বাবে প্ৰচাৰ পূৰ্ণগতিত চলাই যোৱাৰ লগতে তেওঁ তামুলপুৰৰ ৰাইজৰ আশীৰ্বাদ আৰু পূৰ্ণ সহযোগিতা আশা কৰিছে ৷ বিজেপি, জিএছপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটৰ চৰকাৰখনে চৰকাৰখনে অবড়ো ৰাইজৰ সমস্যাক আওকাণ কৰি আহিছে বুলি অভিযোগ কৰি প্ৰাৰ্থী গৰাকীয়ে কয় যে, ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

58 নং তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিছাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যশৱন্ত চৌহানে

অবড়ো সকলক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে অবড়ো লোকসকল নিৰাপত্তাহীনতাত ভুগিছে বুলিও তেওঁ দাবী কৰে ৷ তেওঁ কয় যে, তামুলপুৰ বিধানসভা সমষ্টিত ৰাইজে এগৰাকী অবড়ো প্ৰতিনিধি বিচাৰে ৷

অঞ্চলটোৰ বাট পথ, দলঙৰ লগতে বিভিন্ন উন্নয়নৰ মূলক কামৰ ক্ষেত্ৰত প্ৰাধান্য দিয়াৰ কথা প্ৰকাশ কৰি চৌহানে কয় যে, "ৰাইজে মোক মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবঢ়াইছে, কাৰণ 17 বছৰে বিপিএফে আমাৰ ৰাইজক প্ৰৱঞ্চনা কৰিলে, সেয়েহে ৰাইজে এইবাৰ মোক বিপুল ভোটত জয়যুক্ত কৰাব ৷

ইফালে জ্যেষ্ঠ পুত্ৰ গৰাকী নিৰ্বাচনত অৱতীৰ্ন হোৱা সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, 2014 চনত সাংসদ নৱকুমাৰ শৰনীয়াক বিটিচিৰ ৰাইজে মৌনভাৱে সমৰ্থন কৰি বিপুল ভোটৰ জয়যুক্ত কৰিছিল আৰু এই আন্দোলনৰ আৰম্ভণি তামুলপুৰৰ পৰাই হৈছিল ঠিক তেনেদৰে এইবাৰ ৰাইজে ইউপিপিএল আৰু বিপিএফ ৰ বিৰুদ্ধে এক পৰিবৰ্তনৰ সূচনা কৰিব ৷

তেওঁ কয় যে, "বিগত সময়চোৱাত আমাৰ 77 শতাংশ মানুহ থকাৰ পাছতো সকলোৱে বঞ্চিত হোৱাৰ বিপৰীতে তেওঁলোকৰ মানুহৰ 95 শতাংশই সংস্থাপন লাভ কৰিছে ৷ বিটিচিৰ ৰাইজে এটিয়া মাটি বাৰীৰ সমস্যা তথা নিবনুৱা সমস্যাৰ প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰিছে লগতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ।"

লগতে পঢ়ক: বৰচলা সমষ্টিত সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত বিজেপিৰ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.