ETV Bharat / state

ভাৰত ভূূটান সীমান্তত বৃদ্ধি বনৰীয়া হাতীৰ উপদ্ৰৱ

author img

By

Published : Aug 2, 2020, 12:13 PM IST

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ খাদ্যৰ অভাৱৰ বাবে এইদৰে হাতীৰ জাক অঞ্চলটোলৈ অহাটো এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

Increased wild elephant infestation on India Bhutan border baksa assam etv bharat news
বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি

বাক্সা,2 আগষ্ট: বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ নাগ্ৰীজুলিৰ খান্দাজানত কিছুদিন ধৰি বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰাত আতংকিত হৈ পৰিছে জন সাধাৰণ ৷ শনিবাৰে নিশা বাক্সাত ভূটান পাহাৰৰ পৰা পৰা নামি আহে এজাক বন্যহস্তী ৷

বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি

উক্ত হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে অঞ্চলটোৰ এখন বিদ্যালয়ত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰে বিদ্যালয়ৰ ৰান্ধনীগৃহটো ৷ ইয়াৰোপৰি বিদ্যালয়খনৰ অন্যান্য আচবাবসমূহো ভাঙি ব্যাপক ক্ষতিসাধন কৰে বনৰীয়া হাতীটোৱে ৷ হাতীৰ এই আক্ৰমণৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ লাঠি-জোং আদিৰ সহায়ত হাতীটো খেদি পঠিয়ায় ৷

উল্লেখ্য যে,খাদ্যৰ অভাৱৰ বাবে এইদৰে হাতীৰ জাক অঞ্চলটোলৈ অহাটো এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

লগতে চাওকঃ নৃত্যৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ বিষ্ণুক প্ৰয়োজন এধানি সহায়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.