ETV Bharat / state

অহা তিনি বছৰৰ ভিতৰত ৰাজ্যৰ 23 লাখ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী !

author img

By

Published : Jun 3, 2020, 4:10 AM IST

ভাৰত চৰকাৰৰ ঘৰে ঘৰে পাইপেৰে পানী দিয়া আঁচনি অনুসৰি অহা তিনি বছৰৰ ভিতৰত ৰাজ্যখনৰ 23 লাখ পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰা হ'ব ৷ বাক্সাৰ মুছলপুৰত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই আশ্বাস দিয়ে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ এই জটিল সন্ধিক্ষণত প্ৰতিজন বিষয়া- কৰ্মচাৰীকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

pure drinking water
pure drinking water

বৰমা, 2 জুন : ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে বাক্সাৰ মুছলপুৰত উপস্থিত হৈ জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে এই জটিল সন্ধিক্ষণত প্ৰতিজন বিষয়া- কৰ্মচাৰীকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় ৷

মন্ত্ৰীগৰাকীয়ে জিলা গ্ৰামোন্নয়ন বিভাগক বৃদ্ধ পেঞ্চনৰ কামবোৰ ক্ষীপ্ৰতাৰে কৰি সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কৰ'ণা ভাইৰাছৰ যাতে গণসংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগক ৰাজহুৱা আৰু গুৰুত্বপূৰ্ণ স্থানসমূহত চেনিটাইজেচন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ সেইদৰে সভাত উপস্থিত থকা জিলাখনৰ পৰিবহন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, আবকাৰী, স্বাস্থ্য, সমাজকল্যাণ, জলসম্পদকে ধৰি প্ৰতিটো বিভাগকে ৰাজ্যৰ এই সংকট কালত ঐক্যৱদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় ৷

বাক্সাৰ মুছলপুৰত পৰ্যালোচনা সভাত অংশগ্ৰহণ মন্ত্ৰী ৰিহন দৈমাৰীৰ

উল্লেখ্য যে, বাক্সা জিলাত বৰ্তমানলৈ ১৫ জন ব্যক্তি ক'ভিড-১৯ ত আক্ৰান্ত হোৱা বুলি জিলা স্বাস্থ্য বিভাগে সভাত অৱগত কৰে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে, সম্প্ৰতি বহিঃৰাজ্যৰ পৰা ৮২৯ জন ব্যক্তি পোনপটীয়াকৈ বাক্সা জিলালৈ আহিছে ৷ আনহাতে কোকৰাঝাৰ জিলাত কোৱাৰেইন্টাইন হোৱা ৭০১ জন ব্যক্তিক হোম কোৱাৰেইন্টাইন কৰিছে ৷

সভাৰ শেষত মন্ত্ৰী দৈমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে বহিঃৰাজ্যৰ পৰা বাক্সা জিলালৈ ঘুৰি অহাৰ বাবে বৰ্তমানলৈ ওঠৰ হাজাৰ লোকে আবেদন কৰিছে ৷ কিন্তু বাক্সা জিলাৰ জনগাঁঠনি লৈ চাই মন্ত্ৰীগৰাকীয়ে বহিঃৰাজ্যত কৰ্মৰত লোক সকলক সেই স্থানতে কাম কৰি থাকিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে নিজ ঘৰলৈ আহিব বিচৰা সকলক আমি অহাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰো ৷ তথাপি ৰাজ্যখনৰ পৰিৱেশ পৰিস্থিতি লৈ চায় তেওঁলোক নহাকৈ থকাটোৱে ভাল ৷

ইফালে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীৰ সংখ্যা বৃদ্ধি হ'লে বৰমাত থকা বৰমা আদৰ্শ চিকিৎসালয়খন ক'ভিড হাস্পতাল হিচাপে ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী দৈমাৰীয়ে ৷ লগতে বাক্সাৰ মুছলপুৰত আই চি ইউৰ পোন্ধৰটা কোঠাৰ নিৰ্মাণ শীঘ্ৰে সম্পন্ন হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

ৰাজ্যৰ 23 লাখ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী দৈমাৰীয়ে ভাৰত চৰকাৰৰ ঘৰে ঘৰে পাইপেৰে পানী দিয়া আঁচনি অনুসৰি অহা তিনি বছৰৰ ভিতৰত ৰাজ্যখনৰ 23 লাখ পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰিব বুলি জানিবলৈ দি কয় যে, ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়ন কৰা এই আঁচনিখনৰ কাম বাৰিষাৰ পিচতে আৰম্ভ হ'ব ৷ সভাত মন্ত্ৰী দৈমাৰীৰ উপৰিও বৰমা, তামুলপুৰ আৰু ছাপাগুৰি বিধান সভা সমষ্টিৰ বিধায়ক ক্ৰমে মনেশ্বৰ ব্ৰহ্ম, ইমানুৱেল মুছাহাৰী, থানেশ্বৰ বসুমতাৰী, বিটিচিৰ সহ সচিব জুলি দাস বড়ো, জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰ, অতিৰিক্ত উপায়ুক্ত দিলীপ বোথ্ৰাৰ লগতে মহকুমাধিপতি, প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত আছিল ৷

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ দেহত ক'ভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.