বাক্সা, 15 মে': চৰকাৰে দৰিদ্ৰে সীমাৰেখাৰ তলৰ লোকসকলক প্ৰতিমাহে ৰেচনৰ নামত বিনামূলীয়াকৈ চাউল প্ৰদান কৰি আহিছে ৷ কিন্তু চৰকাৰে প্ৰদান কৰা চাউলসমূহ কিমান উন্নত মানৰ তাক লৈয়ো এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ কিয়নো তেনে এক ঘটনা পোহৰলৈ আহিছে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰাজাবিল গাঁৱত । প্ৰতিমাহৰ দৰে এইবাৰো হিতাধীকাৰীয়ে চাউল আনিবলৈ বুলি গৈছিল ৷ চাউল আনিবলৈ গৈ যি দৃশ্য প্ৰত্যক্ষ কৰিলে তাকে দেখি হিতাধীকাৰীৰ চকু কপাালত উঠিল ৷
উল্লেখযোগ্য যে, চাউলত ইউৰিয়া জাতীয় সাৰ থকাৰ লগতে একেবাৰে খাদ্যৰ বাবে অনুপযুক্ত আৰু নিম্মমানৰ চাউল প্ৰদান কৰিছে সুলভ মূল্যৰ দোকানীয়ে ৷ ৰাজ্যত এটা বিয়াগোম খাদ্য আৰু অসামৰিক যোগন বিভাগ থকাৰ পিছতো এনদৰে দৰিদ্ৰ জনসাধাৰকণক বিনামূলীয়া চাউল প্ৰদানৰ নামত এনেদৰে বৰবিহ খুৱাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এছাম অসাধু চক্ৰই ৷
সম্প্ৰতি এই কাৰ্যই হিতাধীকাৰীৰ লগতে সচেনতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এতিয়া প্ৰশ্ন হয় জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে ধৰণৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাহস হ’বনে সংশ্লিষ্ট বিভাগৰ ?
লগতে পঢ়কঃ নিশা আঢ়ৈ বজাত জিএমচিএইচত কিয় উপস্থিত হ'ল মুখ্যমন্ত্ৰী ?