ETV Bharat / state

ধনৰ প্ৰলোভনৰে হিন্দু যুৱকক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰৰ অভিযোগ, এজনক গ্ৰেপ্তাৰ

author img

By

Published : Aug 22, 2022, 12:44 PM IST

বাক্সা জিলাৰ শালবাৰীৰ পাকৃগুৰী গাঁৱত চাঞ্চল্য়কৰ ঘটনা । ৭ লাখ টকা, ঘৰ আৰু মুছলমান সম্প্ৰদায়ৰ ছোৱালী বিয়া দিয়াৰ প্ৰলোভনেৰে হিন্দু যুৱকক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰৰ অভিযোগ(Hindu youth converts to Islam) । ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ ।

two muslim men convert hindu youth with lure of money
ধনৰ প্ৰলোভনৰে হিন্দু যুৱকক ধৰ্মান্তকৰণ দুই মুছলমান লোকৰ

বাক্সা,২২ আগষ্ট: বাক্সা জিলাৰ শালবাৰীৰ পাকৃগুৰী গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী হিন্দু যুৱকক টকাৰ প্ৰলোভন দেখুৱাই মুছলমান সম্প্ৰদায়ৰ দুজন লোকে হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰকৰণ কৰিলে ইছলাম ধৰ্মলৈ(Hindu youth converts to Islam) । এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই অঞ্চলজুৰি তীব্র চাঞ্চল্যই বিৰাজ কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি শালবাৰীৰ পাকৃগুৰী গাঁৱৰ ৰাজু আৰ্য নামৰ এগৰাকী হিন্দু সম্প্রদায়ৰ যুৱকক শালবাৰীৰ নিকটৱৰ্তী বজালী জিলাৰ শিলাপাটনীৰ আব্দুল আলী আৰু ধুমাৰপথাৰ গাঁৱৰ খবিৰুল হক নামৰ দুগৰাকী মুছলমান লোকে উচটনিমূলকভাৱে ৭ লাখ টকা দিয়াৰ লগতে ঘৰ বনাই দিয়া আৰু মুছলমান সম্প্ৰদায়ৰ এগৰাকী ছোৱালীৰ লগত বিয়া কৰাই দিম বুলি কৈ বিভিন্ন প্ৰলোভন দেখুৱাই শালবাৰীৰ পৰা লৈ গৈ বৰপেটাৰ হাউলীৰ জামে মছজিদত কালিমা পঢ়াই হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰে ।

আনহাতে আইনীভাৱেও বৰপেটা আদালতত শপতনামাৰ জড়িয়তে হিন্দু যুৱক ৰাজু আৰ্যক ওমৰ ফাৰুক নামেৰে নামাকৰণ কৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা দুই মুছলমান লোকক হিন্দু সংগঠনৰ লোকে জেহাদী বুলি সন্দেহ প্রকাশ কৰিছে । এইফালে সমগ্র ঘটনাৰ পিছতেই ৰাজু আৰ্যৰ পৰিয়ালৰ লোকে শালবাৰী আৰক্ষী থানাত মুছলমান লোক দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । ঘটনাৰ পিছতেই মুছলমান লোক দুজনৰ এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিও আনজন বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে(One arrested on suspicion of jihadi) ।

লগতে পঢ়ক: কলগাছিয়াৰ আমগুৰিত এগৰাকী কন্যা শিশুৰ মৃত্যুক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.