ETV Bharat / state

আংশিক লকডাউনে বিপদ নমাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ

author img

By

Published : Jun 13, 2021, 10:13 PM IST

কৰ'ণাৰ ভয়াৱহ সংক্ৰমন ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে জাৰি কৰিছে আংশিক লকডাউন তথা সান্ধ্য় আইন ৷ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিক্ৰীৰ অভাৱত পৰি ৰৈছে বিভিন্ন সা-সামগ্ৰী ৷

অৰ্ধ লকডাউনে বিপদ নমাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ

বাক্সা, 13 জুন : ৰাজ্যজুৰি কৰ'ণাই সংহাৰী ৰূপ ধাৰণা কৰাত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে জন জীৱন ৷ কৰ'ণাৰ সংহাৰত কম-বেছি পৰিমানে হ'লেও ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ প্ৰতিটো খণ্ড ৷ বৰমাতো আংশিক লক্ ডাউনে ক্ষতিগ্ৰস্ত কৰিছে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ ব্যৱসায় ৷ বেছিবলৈ অনা বাঁহৰ জাকৈ, ডলা- চালনী, বিভিন্ন সা-সঁজুলি কিনা গ্ৰাহক নোহোৱাৰ বাবে পৰি ৰৈছে তেনেদৰেই ৷ যিহেতু বাৰিষা অহাৰ লগে লগে মাছ ধৰিবলৈ জাকৈ - চেপাৰ প্ৰয়োজন আৰু ব্যৱসায়ী সকলেও এইবোৰ বজাৰত বিক্ৰীৰ বাবে বজাৰত উলিয়াই দিছে ৷ কিন্তু ক’ভিডৰ ভয়াবহ সংক্ৰমণে যেন গ্ৰাহকক বাধা প্ৰদান কৰিছে ৷ যাৰ ফলত বাঁহৰ সজুলি বেছি পৰিয়াল পোহপাল দিয়া সকলৰ হাহাকাৰৰ সৃষ্টি হৈছে ৷

ৰাজ্যত আংশিক লকডাউন আৰু সান্ধ্য আইন অব্যাহত থকাত সমস্যাৰ সৃষ্টি হৈছে খেতিয়কসকলৰো ৷ কিছুদিন পূৰ্বে শিৱসাগৰ জিলাৰ দিখৌমুখত উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰি মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে ৷ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ৰঙালাও সংৰক্ষণৰ অভাৱত গেলিবলৈ আৰম্ভ কৰিছে ৷ বজাৰৰ অভাৱত কৃষকসকলে নিজ গৃহতে ৰাখিবলগীয়া হৈছে শ শ ৰঙালাও ৷ লকডাউনৰ পৰিপেক্ষিতত ৰঙালাও বিক্ৰী কৰিব নোৱাৰি বেপাৰীয়ে পানীৰ দৰত ক্ৰয় কৰিবলৈ বিচৰাত এতিয়া দিক-বিদিক হেৰুৱাই পেলাইছে খেতিয়কসকলে । একেদৰে খাৰুপেটীয়া আৰু চৰাঞ্চল সমূহতো বজাৰৰ অভাৱত পথাৰতে গেলিছে কৃষকৰ উৎপাদিত ফচল ৷ ফলত লোকচানৰ সন্মুখীন হৈছে খেতিয়কসকল ৷

ইয়াৰ লগতে ৰাজ্যৰ মৃৎ শিল্প, কমাৰ, নাপিত আদি বিভিন্ন বৃত্তিত জড়িত লোকসকলো এই আংশিক লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে ৷ বহুতেই দুবেলা দুসাজ ভাত যোগাৰ কৰাৰ বাবেও চিন্তা কৰিব লগীয়াত পৰিছে ৷ সকলোৱেই আশাৰে বাট চাইছে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহালৈ ৷

লগতে পঢ়ক: ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.