শালবাৰী, 29 মাৰ্চঃ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ ৷ বৃহস্পতিবাৰে বাক্সাৰ শালবাৰী মহকুমাত দলটোৰ এক বিশাল গণসমাৱেশ অনুষ্ঠিত হৈ যায় ৷
শালবাৰী মহকুমাৰ গোৱৰ্ধনাত এক বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীকে ধৰি মন্ত্ৰী চন্দন ব্ৰহ্ম, সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ নিৰ্বাচনী সভাত অংশ লৈয়ে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে হাগ্ৰামা মহিলাৰী ৷
নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োক বেপাৰী আখ্যা দি এবছুক বিক্ৰী কৰি খাই আছে প্ৰমোদ বড়োৱে বুলি উল্লেখ কৰে হাগ্ৰামাই ৷ মংগলদৈ আৰু তেজপুৰ সমষ্টিত এবছুৱে প্ৰাৰ্থী দি বিজেপি আৰু কংগ্ৰেছৰ পৰা বৃহৎ ধনৰ লেনদেন কৰিছে বুলি তীব্ৰ সমালোচনা কৰে প্ৰমোদ বড়োক ৷ ইয়াৰ উপৰিও হাগ্ৰামাই কয় যে, বড়োলেণ্ড সমস্যাৰ ক্ষেত্ৰটো বড়োসকলক প্ৰতাৰণা কৰি আহিছে প্ৰমোদ বড়োৱে, কিয়নো আজিলৈকে বড়োলেণ্ড সন্দৰ্ভত কোনো স্মাৰক পত্ৰ দিয়া নাই প্ৰমোদ বড়োৱে ৷ ইফালে উন্নয়নকে মুল ইছ্যু লৈ নিৰ্বাচনত ৰাইজৰ কাষ চাপিব বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বৃহস্পতিবাৰৰ সভাত বিভিন্ন দল সংগঠনৰ প্ৰায় সহস্ৰাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷