বাক্সা,২০মাৰ্চ:বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ সকলো ৰাজনৈতিক দল। নিৰ্বাচনৰ প্ৰাকক্ষণত শনিবাৰে বাক্সা জিলাৰ বৰমাত গণ সুৰক্ষা পাৰ্টিয়ে এক সংবাদ মেল সম্বোধন কৰে ৷ সংবাদমেলত ৬২ নং বৰমা বিধান সভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ তদুপৰি বিটিচিৰ বাকী ১১ টা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনোৱা হ'ব বুলিও ঘোষণা কৰে দলটোৰ নেতৃত্বই । ইপিনে,ইউ পি পি এলে বিজেপিৰ সৈতে বন্ধুত্বপূৰ্ণভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰা সমষ্টি কেইটাত বিজেপি আৰু ইউ পি পি এলৰ লগত আলোচনা কৰিহে সমৰ্থন জনোৱা হ'ব বুলি উল্লেখ কৰে ।
একেদৰে,ৰঙিয়া সমষ্টিটোৰ এটা অংশ বিটিচিৰ অন্তৰ্ভূক্ত হোৱা হেতুকে উক্ত সমষ্টিটোত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভৱেশ কলিতাক পূৰ্ণ সমৰ্থন জনোৱাৰ কথা ব্যক্ত কৰে গণ সুৰক্ষা পাৰ্টিয়ে । আনহাতে, অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে নৱ কুমাৰ শৰণীয়াক সমৰ্থন নকৰা সন্দৰ্ভত গণ সুৰক্ষা পাৰ্টিয়ে মন্তব্য কৰি কয় যে, অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেম্ৰাম আৰু সম্পাদক মাধৱ ৰাজবংশী দুয়োগৰাকী সংগঠনটোৰ পৰা পদত্যাগ কৰা নেতা । দুয়োগৰাকী নেতা সম্প্ৰতি অবড়ো সুৰক্ষা সমিতিৰ একো দায়িত্বত নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গণ সুৰক্ষা পাৰ্টিয়ে ৷
লগতে পঢ়কঃ 2021 ৰ নিৰ্বাচন সন্দৰ্ভত কি ক'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?