ETV Bharat / state

ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে বিজয়ে - নৰেন্দ্ৰ মোডী

চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি একাণপতীয়াকৈ ব্যৱসায়ত জড়িত হৈছে বাক্সাৰ এগৰাকী ব্যক্তি ৷ বিজয় আচাৰ্য নামৰ ব্যক্তিগৰাকীয়ে ছাগলী পালনেৰে স্বাৱলম্বী হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে আত্মনিৰ্ভৰ ভাৰতৰ অংশ হ’বলৈ এনেদৰে ছাগলী পালন আৰম্ভ কৰিছে ব্যক্তিগৰাকীয়ে ৷

goat firm of a man in baksa assam etv bharat news
ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে বিজয়ে
author img

By

Published : Sep 10, 2020, 7:40 PM IST

বৰমা,10 ছেপ্তেম্বৰ: চৰকাৰী চাকৰিৰ আশা বাদ দি একাণপতীয়াভাৱে কৰ্ম সংস্থাপনত গুৰুত্ব দিছে বাক্সাৰ এগৰাকী ব্যক্তিয়ে ৷ ধৈৰ্য আৰু একাগ্ৰতাৰ বলতে বাক্সাৰ নিকাছিৰ বিজয় আচাৰ্য নামৰ ব্যক্তিগৰাকীয়ে ছাগলী পালনেৰে আৰম্ভ কৰে নিজাববীয়া এক ব্যৱসায় ৷ সম্প্ৰতি ব্যক্তিগৰাকীয়ে ছাগলী পালন কৰি বছৰেকত 70-80 হাজাৰ টকা আয় কৰিবলৈ সমৰ্থ হৈছে ৷ ছাগলী পালনৰ হকে অঞ্চলটোত যথেষ্ঠ সুবিধা থকা বুলিও জনাই বিজয়ে ৷

ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে বিজয়ে

উল্লেখ্য যে,স্থানীয় নিকাছি বজাৰত বিক্ৰী কৰা ছাগলীসমূহৰ দাম প্ৰায় 3500-4000 টকা পৰ্যন্ত ৷ ব্যক্তিগৰাকীয়ে হাৰিয়ানাৰ পৰা ছাগলী আনি কৃত্ৰিম পদ্ধতিৰে প্ৰজনন কৰি বৃদ্ধি কৰি আহিছে ব্যৱসায়টো ৷ বৰ্তমান বিজয় নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মত প্ৰায় 40 টাকৈ ছাগলী আছে ৷ এতিয়া এনেদৰে ছাগলী পালনৰ জৰিয়তে বিজয় আচাৰ্যই নিজৰ ব্যৱসায়,ঘৰ চলাই যোৱাৰ সমান্তৰালকৈ আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে ৷

লগতে চাওকঃ শিলচৰত জব্দ অবৈধ চুপাৰি কঢ়িওৱা ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.