বাক্সা, 8 অক্টোবৰ: ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ ৷ নাগ্ৰীজুলী আৰক্ষী আৰু গুৱাবাৰী এছএছবিৰ অভিযানত গাঞ্জাখিনিৰ লগতে এ এছ- ১২ কে- ২৮৭৮ নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ ৷ ঘটনা সন্দৰ্ভত কৃষ্ণ বসুমতাৰী নামৰ এজন লোকক আটক ৷ আটকাধীন যুৱকজনক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ৷ শীঘ্ৰে আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনা ৷
নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাস মালাকাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি এক গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী অঞ্চলত এখন গাড়ীৰে বৃহৎ পৰিমাণৰ গাঞ্জা লৈ অহাৰ খবৰ লাভ কৰিছিল। সেই খবৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে গুৱাবাৰীৰ এছএছবিৰ সৈতে গুৱাবাৰীৰ এক ভিতৰুৱা অঞ্চলত অভিযান চলাই গোবিন্দ বচনেট নামৰ এটা পৰিয়ালৰ ঘৰৰ চোতালত থকা বাহন খনৰ পৰা প্ৰায় ৯ কিলোগ্ৰাম গাঞ্জা সহ চাৰি চকীয়া বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে আৰক্ষীয়ে কৃষ্ণ বসুমতাৰী নামৰ লোকজনকো আটক কৰে ৷ আৰক্ষীয়ে জানিব দিয়া মতে কৃষ্ণ বসুমতাৰীৰ ঘৰ ওদালগুৰি জিলাৰ কুৰুৱাবাহীত । এই ব্যৱসায়ৰ সৈতে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে আটকাধীন যুৱকজনক নাগ্ৰীজুলি আৰক্ষী চকীত জেৰা চলাই আছে ৷ এই জেৰাৰ অন্তত আৰু অধিক লোক আৰক্ষীৰ হাতত আটক হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়ক: চিৰাঙত আৰক্ষীৰ জালত তীৰ খেলৰ এজেন্ট