ETV Bharat / state

বাক্সাত গাঞ্জা ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

author img

By

Published : Aug 5, 2021, 8:30 PM IST

পুনৰ ৰাজ্যত সংঘটিত হৈছে আৰক্ষীৰ একাউন্টাৰৰ ঘটনা ৷ এইবাৰ গাঞ্জাল ব্যৱসায়ীক লক্ষ্য কৰি আৰক্ষীৰ গুলী ৷ পলায়নৰ চেষ্টা চলাওঁতেই গুলীয়ালে আৰক্ষীয়ে ৷

Ganja Mafia Injured in Police Encounter at Barpeta
বাক্সাৰ শালবাৰীত গাঞ্জা ব্যৱসায়ীলৈ আৰক্ষীৰ গুলীচালনা

বৰপেটাৰোড 5 আগষ্ট : বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত দুই গাঞ্জা ব্যৱসায়ী (Ganja Mafia)আহত হয় ৷ আহত গাঞ্জা ব্যৱসায়ীদ্বয় ক্ৰমে উইলিয়াম দৈমাৰী(৩৭) আৰু ৰবি ওজা(২৬) ৷ AS 01E M 4746 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহনত আহিছিল গাঞ্জাসহ ব্যৱসায়ী দুজন ৷

আনন্দ বজাৰ আৰক্ষীয়ে বাহনখনক ৰ’বলৈ সংকেত দিয়াৰ পিছতো আৰক্ষীক উপেক্ষা কৰি যাবলৈ ওলাইছিল বাহনখন ৷ আৰক্ষীয়ে লগে লগে মাজপথত বাহনখন আগভেটি ধৰাত বাহন এৰি পলায়ন কৰিছিল দুই গাঞ্জা ব্যৱসায়ীয়ে ৷ আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীদ্বয়ক পিচে পিচে খেদি যোৱাত পথাৰৰ মাজেৰে দৌৰি পলায়নৰ চেষ্টা কৰিছিল ব্যৱসায়ীদ্বয়ে ৷ ফলত গুলীয়াবলৈ বাধ্য হয় আৰক্ষী ৷

লগতে পঢ়ক : আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

আৰক্ষী আৰু চি আৰ পি এফে পথাৰৰ মাজেৰে খেদি খেদি গৈ আটক কৰে গাঞ্জা ব্যৱসায়ীদ্বয়ক ৷ গাঞ্জা ব্যৱসায়ী উইলিয়াম দৈমাৰী আৰু ৰবি ওজাৰ ঘৰ ওদালগুৰিত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ী দুটাৰ চুইফট ডিজায়াৰ বাহনখনৰ পৰা ২৫ কিলোগ্ৰাম গাঞ্জাসহ নগদ ধন জব্দ কৰে ৷

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শাসনভাৰ লোৱাৰ পাছতেই ড্ৰাগছ(Drugs), গাঞ্জা(Ganja) আদি নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ৷ তেওঁ ৰাজ্যৰ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলক নিচামুক্ত অসম গঢ়াৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষী (Assam Police) ৷ ইয়াৰ বাবে আৰক্ষীয়ে প্ৰয়োজনৰ এনকাউন্টাৰৰ দৰে পদক্ষেপো হাতত লৈছে ৷ যাৰবাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ ড্ৰাগছ আদি নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে কেইবাজনো সৰবৰাহকাৰী (Drugs Smuggler)ক আটক কৰিছে ৷ আৰক্ষীৰ এই অভিযানত দুটা ড্ৰাগছ ব্যৱসায়ীৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও আহত হৈছে ৷

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ গুলীত ড্ৰাগছ সৰবৰাহকাৰী গুলীবিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.