ETV Bharat / state

বিধায়ক মনেশ্বৰ ব্ৰহ্মক চিৰবিদায় জাৰতালুক গাঁৱৰ ৰাইজৰ ! - বানপীড়িত

পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰালে জাৰতালুক গাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী ৷ বানপীড়িতৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ ক্ষোভিত ৰাইজে নৈত উটুৱাই দিলে বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ প্ৰতীকি শৱদেহ ৷

বাঢ়নী পানীয়ে বুৰালে জাৰতালুক গাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী
author img

By

Published : Jun 30, 2019, 11:44 AM IST

বাক্সা, 30 জুন : পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰালে জাৰতালুক গাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী ৷ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জাৰতালুক গাঁওখন সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত সমগ্ৰ গাঁওখনতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৷ নদীৰ পানীয়ে ঘৰবাৰী, বাটপথ, খেতিপথাৰ বুৰাই পেলোৱাত গাঁওখনৰ লোকসকলে বিদ্যালয় গৃহত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷ বিগত তিনি চাৰি দিন গাঁওখনৰ লোকসকল বিচ্ছিন্ন হৈছে বহি:বিশ্বৰ সৈতে ৷ পানীয়ে বাটপথ বুৰাই পেলোৱাত বিদ্যালয় চৌহদতে আৱদ্ধ হৈ পৰিছে গাঁওবাসী ৷ ফলত গাঁওখনত বিশুদ্ধ খোৱাপানী, খাদ্যৰ অভাৱ পৰিলক্ষিত হয় ৷ ফলত বিগত তিনিদিন ধৰি আশ্ৰয় শিবিৰতে দিন ৰাতি অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালসমূহে ৷ যদিও আজি পৰ্যন্ত খবৰ নাই স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ ৷ যাৰবাবে ক্ষোভিত হৈ পৰে গাঁওখনৰ ৰাইজ ৷

বাঢ়নী পানীয়ে বুৰালে জাৰতালুক গাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী

ইফালে গাঁওখনৰ এটা প্ৰতিনিধি দলে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মক লগ কৰিবলৈ গৈও বিমুখ হৈ আহিবলগীয়া হয় ৷ বিধায়কগৰাকী বাসভৱনত থকাৰ পাচতো বানপীড়িতসকলক সাক্ষাৎ নকৰাত ক্ষোভিত হৈ পৰা ৰাইজে বিধায়কগৰাকীৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ক্ষোভত ফাটি পৰা ৰাইজে বিধায়কগৰাকীৰ প্ৰতিকৃতি শৱদেহ কান্ধত তুলি নি নৈত উটুৱাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই বান পীড়িত পৰিয়ালৰ খবৰ নোলোৱাত বিধায়কগৰাকীৰ প্ৰতীকি শৱদেহ সাজি উটুৱাই দিয়ে নৈৰ বুকুত ৷

Intro:বাক্সাৰ জাৰতালুকত জন প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ, ৰাইজে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ শৱদেহ উটুৱাই দিলে পানীত ।
Body:আজিও পানীৰ তলত জাৰতালুক গাঁওৰ দুই শতাধিক পৰিয়াল ৷ বিগত তিনিদিন ধৰি আশ্ৰয় শিৱিৰতে দিন ৰাতি অতিবাহিত কৰিব লগীয়া হৈছে পৰিয়াল কেইটাই ৷ আজিলৈকে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই বানপানী পিৰিত পৰিয়ালবোৰৰ খবৰ নোলোৱাত বিধায়কগৰাকীৰ প্ৰতিকৃতি শৱদেহ সাজি পানীৰ সোঁতত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বুৰালে জাৰতালুক গাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী ৷ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুনৰ ফলত পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জাৰতালুক গাঁওখন সম্পূৰ্ণৰুপে বুৰাই পেলোৱাত সমগ্ৰ গাঁওখনতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৷ নদীৰ পানীয়ে ঘৰবাৰী, বাটপথ, খেতিপথাৰ বুৰাই পেলোৱাত গাঁওখনৰ লোকসকলে বিদ্যালয় গৃহত আশ্ৰয় গ্ৰহন কৰিবলগীয়া হৈছে ৷ বিগত তিনি চাৰি দিন গাঁওখনৰ লোকসকল বিচ্চিন্ন হৈছে বহি:বিশ্বৰ সৈতে ৷ পানীয়ে বাটপথ বুৰাই পেলোৱাত বিদ্যালয় চৌহদতে আৱদ্ধ হৈ পৰে ৷ ফলত গাঁওখনত বিশুদ্ধ খোৱাপানী, খাদ্যৰ অভাৱ পৰিলক্ষিত হয় ৷ যদিও বিগত কেইটাদিন গাঁওবাসীয়ে পানীৰ মাজত নৰক যন্ত্ৰনা ভোগ কৰাৰ পিচতো স্থানীয় জনপ্ৰতিনিধি, প্ৰশাসন কোনেও খবৰ এটাও লোৱা নাই ৷ যাৰবাবে গাঁওখনৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷

Conclusion:ইফালে গাঁওখনৰ এটা প্ৰতিনিধি দলে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মক লগ কৰিবলৈ গৈও বিমুখ হৈ আহিবলগীয়া হৈছে ৷ বিধায়কগৰাকী নিজৰ বাসভৱনত থকাৰ পিচতো বানপানীত ভূক্তভোগী লোকসকলক সাক্ষাৎ নকৰাত ৰাইজ ক্ষোভিত হৈ বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে ৷ ৰাইজে আজি বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ প্ৰতিকৃতি শৱদেহ কান্ধত তুলি নি পানীত উটুৱাই দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.