বাক্সা, 10 ছেপ্তেম্বৰঃ বাক্সাৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ এন আৰ চিৰ চূড়ান্ত তালিকাত নাম বাদ পৰা তিনি শতাধিক ৰাইজে দাখিল কৰিলে এজাহাৰ ৷ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ কেইবাখনো গাঁৱৰ তিনি শতাধিক ৰাইজে কুম্ভীঝাৰ গাঁৱত সমবেত হৈ সমদল উলিয়াই আমাক নাগৰিকত্ব লাগে নাগৰিকত্ব দিয়ক, এন আৰ চি মানি লোৱা নহ’ব,প্ৰতীক হাজেলা গ' বেক,এন আৰ চিৰ বিসংগতি দূৰ কৰক,প্ৰতীক হাজেলা মূর্দাবাদ,প্ৰতীক হাজেলাক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁও উত্তাল কৰি তোলে । এই সমদলৰ নেতৃত্ব লয় বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপি নেতা ৰবীন্দ্ৰ বিশ্বাসে ।
ৰবীন্দ্ৰ বিশ্বাসৰ নেতৃত্বত নাগ্ৰীজুলি আৰক্ষী চকীত উপস্থিত হৈ প্ৰায় তিনি শতাধিক লোকে সুকীয়া সুকীয়াকৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। প্ৰথম আৰু দ্বিতীয় খচৰাত নাম থকাৰ লগতে উপযুক্ত নথি পত্ৰ থকা সত্বেও প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী বনোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ইপিনে ৰাইজৰ এই সমস্যাৰ বুজ ল’বলৈ মঙলবাৰে নাগ্ৰীজুলি আৰক্ষী চকীত উপস্থিত হয় ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া।
সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে কয়,এন আৰ চিত নাম বাদ পৰা সকলক ধৈৰ্য সহকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী নিজৰ নিজৰ নথি-পত্ৰ লৈ পুনৰ আবেদন কৰাৰ লগতে কোনো লোকে যাতে হতাশাত ভুগি আত্মহত্যাৰ দৰে পথ বাচি নলয় তাৰ বাবেও সাংসদ গৰাকীয়ে আহ্বান জনায় ।
এন আৰ চিৰ সৈতে জড়িত একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই বহু স্বদেশী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলিও উল্লেখ কৰিছে সাংসদ নৱ শৰণীয়া আৰু ৰবীন্দ্ৰ বিশ্বাসে ।