ETV Bharat / state

বাক্সাৰ তামুলপুৰত ভুৱা ৰেচন কাৰ্ড বিতৰণৰ অভিযোগ - FAKE RATION CARD

ছয়মাহ ধৰি চাউল পোৱা নাই কেইবাটাও পৰিয়ালে ৷ ৰেচন কাৰ্ডৰ খেলি মেলিৰ বাবে বিগত ছয় মাহ ধৰি চাউল পোৱা নাই দুখনকৈ গাঁৱৰ কেইবাটাও পৰিয়ালে ৷ মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ অধীনত ৰেচন কাৰ্ড লাভ কৰা কেবাটাও পৰিয়ালৰ ৰেচন কাৰ্ড ভুৱা বুলি চাউল দিয়াৰ পৰা বিৰত এজেন্ট ৷

বাক্সা
author img

By

Published : Mar 29, 2019, 2:09 PM IST

বাক্সা,29 মাৰ্চঃ বাক্সাৰ দক্ষিণ কুমাৰীকাটা বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত দুখনকৈ গাঁৱত ভুৱা ৰেচন কাৰ্ড বিতৰণৰ অভিযোগ । কুমাৰপাৰা আৰু কাদঙাগাঁৱত ৰেচন কাৰ্ডৰ খেলি মেলিৰ বাবে বিগত ছয় মাহ ধৰি চাউল পোৱা নাই দুখনকৈ গাঁৱৰ কেইবাটাও পৰিয়ালে । তামুলপুৰ যোগান বিভাগক বিষয়টো অৱগত কৰাৰ পাচতো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে । উপায়ন্তৰ হৈ শুকুৰবাৰে তামুলপুৰ আৰক্ষী থানাত দক্ষিণ কুমাৰীকাটা বহুমুখী সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পৰিয়ালকেইটাই ।

বাক্সাৰ তামুলপুৰত ভুৱা ৰেচন কাৰ্ড বিতৰণৰ অভিযোগ

তথ্য অনুসৰি পৰিয়ালকেইটাই প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাৰ অধীনত ৰেচন কাৰ্ড লাভ কৰিছিল । প্ৰথম গৰাকী বহুমুখী এজেন্টৰ পৰা ঠিকেই চাউল লাভ কৰিছিল যদিও এজেন্ট সলনি হোৱাৰ লগে লগেই ৰেচন কাৰ্ড ভুৱা বুলি চাউল দিয়া বন্ধ কৰি দিয়া হয় বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । এতিয়া প্ৰশ্ন হৈছে ৰাইজে পোৱা ৰেচন কাৰ্ডসমূহ যদি ভুৱা হয় তেন্তে শ শ ভুৱা ৰেচন কাৰ্ডকোনে বিতৰণ কৰিছিল? ৰাইজৰ প্ৰশ্ন চৰকাৰৰ ঘৰৰ পৰা দিয়া ৰেচন কাৰ্ড কেনেকৈ ভুৱা হ'ল ??

Intro:বাক্সাৰ তামুলপুৰত ৰেচন কাৰ্ডৰ পৰিবৰ্তে চাউল নোপোৱাৰ বাবে সমবায় সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে এজাহাৰ ।

Body:বাক্সা জিলাৰ দক্ষিণ কুমাৰীকাটা বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত কুমাৰপাৰা আৰু কাদঙাগাওত ৰেচন কাৰ্ডৰ খেলি মেলিৰ বাবে বিগত ছয় মাহ ধৰি চাউল নাপালে দুইখন গাওঁৰ কেইবাটাও পৰিয়ালে । এইক্ষেত্ৰত তামুলপুৰ যোগান বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ২০১৮ ৰ অক্টোবৰ মাহত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তেতিয়াই তামুলপুৰ যোগান বিভাগৰ পৰা বিহিত ব্যৱস্থা লোৱা হব বুলি আচ্ছাস প্ৰদান কৰিছিল ৰাইজক । কিন্তু তথাপিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে উপায়ন্তৰ হৈ আজি তামুলপুৰ আৰক্ষী থানাত দক্ষিণ কুমাৰীকাটা বহুমুখী সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে ৰাইজে ।

Conclusion:জানিব পৰা মতে ৰাইজে প্ৰথমে মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড লাভ কৰিছিল আৰু প্ৰথম গৰাকী বহুমুখীৰ এজেন্টৰ পৰা ঠিকেই চাউল লাভ কৰিছিল কিন্তু এজেন্ট সলনি হোৱাৰ লগে লগেই ৰেচন কাৰ্ড নকলী আৰু চাউলো বন্ধ কৰিয়ে এই অভিযোগ ৰাইজৰ । এতিয়া প্ৰশ্ন হৈ ৰাইজে পোৱা ৰেচন কাৰ্ডসমূহ যদি ভূৱা বা নকলী হয় তেতিয়া হলে কোনে বিতৰণ কৰিছিল শ শ নকলী ৰেচন কাৰ্ড । কোনে দিলে দিন হাজিৰা কৰি খাটি খোৱা লোকসকলক ৰাম ঠগন ।

ভাষ্য : ভুক্তভূগি পুৰুষ ,মহিলা ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.