বাক্সা, 6 জুলাই : বাক্সাৰ গোৰেশ্বৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ শনিবাৰে পুৱাই গোৰেশ্বৰ থানা আৰক্ষীয়ে আটক কৰে ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী চাৰি প্ৰৱঞ্চকক ৷ গোৰেশ্বৰৰ প্ৰশান্ত বিশ্বাস নামৰ ব্যক্তি গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় চাৰি ধুৰন্ধৰৰ পৰা জব্দ কৰে 14 খনকৈ জালিয়াতিৰ ড্ৰাইভিং লাইচেঞ্চ ৷ প্ৰৱঞ্চক কেইজন হৈছে লতাশিল থানাৰ অন্তৰ্গত ধীৰেণপাৰাৰ ৰাজু ভৌমিক ,গোপীনাথ নগৰৰ সৌৰভ কুমাৰ দে’, হাজো থানা অন্তৰ্গত বৰম্বোয়ৰ নাৰায়ণ পাটোৱাৰী আৰু তামুলপুৰ থানাৰ অন্তৰ্গত বৰঘুলিৰ চফিকুল হক ৷ আটাইকেইটা প্ৰৱঞ্চকে বাক্সা জিলাৰ পৰিবহণ বিভাগৰ বিষয়াৰ চহী জালিয়াতি কৰি বনাইছিল ভুৱা ড্ৰাইভিং লাইচেঞ্চ ৷ প্ৰতিখন ড্ৰাইভিং লাইচেঞ্চৰ বাবদ তেওঁলোকে লৈছিল 3 হাজাৰ টকাকৈ ৷ বৰ্তমান গোৰেশ্বৰ থানাৰ আলহী এই চাৰি প্ৰৱঞ্চক ৷
আৰক্ষীৰ জালত ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী - গোৰেশ্বৰ থানা আৰক্ষীয়ে আটক কৰে ভুৱা ড্ৰাইভিং লাইঞ্চেন প্ৰস্তুতকাৰী চাৰি প্ৰৱঞ্চক
সাৱধান ! আপুনি দালালৰ জৰিয়তে ড্ৰাইভিং লাইচেঞ্চ বনাইছে নেকি ? যদি বনাইছে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন ভালদৰে পৰীক্ষা কৰক ৷ অন্যথা পৰিব পাৰে কেতিয়াবা বিপদত ৷ শনিবাৰে পুৱাই গোৰেশ্বৰ থানাৰ আলহী হ'ল ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী চাৰি প্ৰৱঞ্চক ৷
বাক্সা, 6 জুলাই : বাক্সাৰ গোৰেশ্বৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ শনিবাৰে পুৱাই গোৰেশ্বৰ থানা আৰক্ষীয়ে আটক কৰে ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী চাৰি প্ৰৱঞ্চকক ৷ গোৰেশ্বৰৰ প্ৰশান্ত বিশ্বাস নামৰ ব্যক্তি গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় চাৰি ধুৰন্ধৰৰ পৰা জব্দ কৰে 14 খনকৈ জালিয়াতিৰ ড্ৰাইভিং লাইচেঞ্চ ৷ প্ৰৱঞ্চক কেইজন হৈছে লতাশিল থানাৰ অন্তৰ্গত ধীৰেণপাৰাৰ ৰাজু ভৌমিক ,গোপীনাথ নগৰৰ সৌৰভ কুমাৰ দে’, হাজো থানা অন্তৰ্গত বৰম্বোয়ৰ নাৰায়ণ পাটোৱাৰী আৰু তামুলপুৰ থানাৰ অন্তৰ্গত বৰঘুলিৰ চফিকুল হক ৷ আটাইকেইটা প্ৰৱঞ্চকে বাক্সা জিলাৰ পৰিবহণ বিভাগৰ বিষয়াৰ চহী জালিয়াতি কৰি বনাইছিল ভুৱা ড্ৰাইভিং লাইচেঞ্চ ৷ প্ৰতিখন ড্ৰাইভিং লাইচেঞ্চৰ বাবদ তেওঁলোকে লৈছিল 3 হাজাৰ টকাকৈ ৷ বৰ্তমান গোৰেশ্বৰ থানাৰ আলহী এই চাৰি প্ৰৱঞ্চক ৷
চাৰি ভূৱা ড্ৰাইভিং লাইচেঞ্চ যোগানকাৰীক আটকBody:আপুনি দালালৰ জৰিয়তে ড্ৰাইভিং লাইঞ্চেন বনাইছে নেকি ? যদি বনাইছে আপোনাৰ ড্ৰাইভিং লাইঞ্চেন খন ভালদৰে পৰীক্ষা কৰক ৷ অন্যথা পৰিব পাৰে কেতিয়াবা বিপদত , শনিবাৰে পুৱাই ভুৱা ড্ৰাইভিং লাইঞ্চেন প্ৰস্তুতকাৰী চাৰি প্ৰৱঞ্চক
গোৰেশ্বৰ থানাৰ আলহী হল ৷ ড্ৰাইভিং লাইঞ্চেন জালিয়াতিৰ বৃহৎ বজাৰ মেলিছিল এই চাৰি প্ৰৱঞ্চকে। গোৰেশ্বৰ আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ড্ৰাইভিং লাইঞ্চেন জালিয়াতিৰ ভংয়কৰ কাহিনী। গুৱাহাটীত বনোৱা হয় জালিয়াতিৰ ড্ৰাইভিং লাইঞ্চেন ৷ চকুৰে চালেও ধৰিব নোৱাৰে জালিয়াতি আপুনি ৷ গোৰেশ্বৰৰ প্ৰশান্ত বিশ্বাসৰ অভিযোগ ভিত্তিতে আৰক্ষীৰ অভিযান তিব্ৰতৰ হৈছিল আৰু চাৰি ধুৰন্ধৰপৰা ১৪ খন জালিয়াতিৰ ড্ৰাইভিং লাইঞ্চেন আৰক্ষীয়ে উদ্ধাৰ কৰে। প্ৰতিখন ড্ৰাইভিং লাইঞ্চেনৰ বাবদ ৩ হাজাৰ টকাকৈ লৈ বাক্সা জিলাৰ পৰিবহণ বিভাগৰ বিষয়াৰ চহী জালিয়াতি কৰা চাৰি ধুৰন্ধোৰ গুৱাহাটীৰ ফটাশিল থানাৰ অন্তৰ্গত ধীৰেণপাৰাৰ ৰাজু ভৌমিক ,গোপীনাথ নগৰৰ সৌৰভ কুমাৰ দে’ , হাজো থানা অন্তৰ্গত বৰম্বোয়ৰ নাৰায়ণ পাটোৱাৰী আৰু তামুলপুৰ থানাৰ অন্তৰ্গত বৰঘুলিৰ চফিকুল হক ।Conclusion: বৰ্তমান গোৰেশ্বৰ থানাৰ আলহী চাৰি প্ৰৱঞ্চক ৷ গোৰশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰম্ব গোস্বামীয়ে এক গোচৰত ৰূজু কৰি আটকাধীন চাৰি প্ৰৱঞ্চকক গোৰেশ্বৰ থানাৰ ৮৫/১৯ নম্বৰত IPC 406/420/468/34 গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
ভাষ্যঃ তিনি প্ৰৱঞ্চক আৰু OC গোৰেশ্বৰ থানা
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম