ETV Bharat / state

বৰমাত ম্যাদ উকলা খাদ্যবস্তু বিক্ৰীক লৈ ক্ষুদ্ধ গ্ৰাহক - ৰমৰমীয়া ব্যৱসায়

লক ডাউনৰ সুযোগ গ্ৰহন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছে ৰমৰমীয়া ব্যৱসায় ৷ এইবাৰ গ্ৰাহকৰ মাজত ম্যাদ উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে বাক্সাৰ বৰমাত ৷

ETV BHARAT
বৰমাত ম্যাদ উকলা খাদ্যবস্তু বিক্ৰীক লৈ ক্ষুব্ধ গ্ৰাহক
author img

By

Published : May 21, 2020, 4:56 PM IST

বাক্সা, 21 মেঃ বাক্সাৰ বৰমাত ম্যাদ উকলা খাদ্য বস্তু বিক্ৰীক লৈ প্ৰতিক্ৰিয়া গ্ৰাহকৰ মাজত ৷ নিউ কনক ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে ম্যাদ উকলা বস্তু বিক্ৰী কৰা বুলি অভিযোগ কৰে গ্ৰাহক সকলে ৷

বৰমাত ম্যাদ উকলা খাদ্যবস্তু বিক্ৰীক লৈ ক্ষুব্ধ গ্ৰাহক

বৰমাত লক ডাউনৰ সুযোগ গ্ৰহন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছে ৰমৰমীয়া ব্যৱসায় ৷ এইবাৰ গ্ৰাহকৰ মাজত ম্যাদ উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে বাক্সাৰ বৰমাত ৷ বৰমাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বিপুল শৰ্মাই তেঁওৰ নিউ কনক ষ্টোৰ নামৰ দোকানখনত প্ৰসাধন সামগ্ৰীৰ লগতে বিক্ৰীৰ বাবে ৰাখে পতঞ্জলীৰ বিস্কুত ৷ যোৱা ১৮ মেত খাদ্য সামগ্ৰীৰ নাটনিৰ সুযোগ লৈ ব্যৱসায়ী বিপুল শৰ্মাই তেঁওৰ গুডামত ৰৈ থকা পতঞ্জলীৰ ২০১৮-১৯ বৰ্ষতে ম্যাদ উকলা বিস্কুত বিক্ৰী কৰে নিজ জুলুকী গাঁৱৰ খুচুৰা ব্যৱসায়ী দিলীপ দাসৰ ওচৰত ৷ দীলিপ দাসৰ দোকানৰ পৰা নিজ জুলুকী গাঁৱৰে এজন গ্ৰাহকে সেই ম্যাদ উকলা বিস্কুত ক্ৰয় কৰি তেওঁৰ দুবছৰীয়া শিশুক খুৱাবলৈ যত্ন কৰে যদিও প্ৰথম এখন খোৱাৰ পাচতে খাবলৈ ইচ্চা নকৰে শিশুটোৱে ৷ তেতিয়াই শিশুটোৰ পিতৃয়ে বিস্কুতৰ পেকেটটোৰ তৈয়াৰী তাৰিখটো লক্ষ্য কৰাত পোহৰলৈ আহে বিষয়টো ৷ এতিয়া প্ৰশ্ন হয় ব্যৱসায়ী বিপুল শৰ্মাই লক ডাউনৰ সুযোগ লৈ ম্যাদ উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰি আছে নেকি গ্ৰাহকৰ মাজত? নে এই ব্যৱসায়ৰ লগত আন চক্ৰ জড়িত হৈ আছে সেয়া তদন্তৰ অন্তত হে পোহৰলৈ আহিব ৷

লগতে পঢ়ক- চিকিৎসা বিজ্ঞানৰ নীতি-নিয়মৰ মাজেৰে শেষকৃত্য সম্পন্ন অমূল্য কলিতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.