ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ধৰ্ণা বড়ো সংগঠনৰ - ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী
বি টি আৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এন ডি এফ বি(NDFB)ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত সৰব হৈ পৰিছে বড়ো সংগঠনৰ লগতে প্ৰাক্তন এনডিএফবি সদস্য । বুধবাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাক্তন এনডিএফবি সদস্যসকলে ।
বাক্সা, ১২ আগষ্ট: বুধবাৰে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী জনায় কেইবাটাও বড়ো সংগঠনৰ লগতে এন ডি এফ বিৰ প্ৰাক্তন সদস্যসকলে । তেওঁলোকৰ মতে, শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো ৰঞ্জন দৈমাৰী আৰু আন সদস্যসকলক কাৰগাৰত বন্দী কৰি ৰখাতো উচিত হোৱা নাই । বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱেও ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে গুৰুত্ব দিয়া নাই বুলি অভিযোগ তোলে এন ডি এফ বিৰ প্ৰাক্তন সদস্যসকলে । লগতে তেওঁলোকে গোবিন্দ বসুমতাৰীকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায় ।
বি টি আৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এন ডি এফ বি(NDFB)ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী জনাই বুধবাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাক্তন এনডিএফবি সদস্যসকলে । "ৰঞ্জন দৈমাৰীক মুক্তি দিয়ক" "এন ডি এফ বি সদস্যৰ পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰক" "কাৰাগাৰত থকা এন ডি এফ বি সদস্যসকলক মুক্তি দিয়ক" আদি শ্ল'গানেৰে প্ৰাক্তন এনডিএফবি সদস্যসকলে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উত্তাল কৰি তোলে ৷
আনহাতে, বড়ো পিপলচ কমিটী ফৰ পিচ ইনিচিয়েটিভ, বড়ো ওমেন জাষ্টিচ ফ'ৰাম আৰু প্ৰাক্তন এন ডি এফ বি সদস্যসকলে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বি টি আৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ লগতে কাৰাগাৰত থকা সকলো সদস্যক শীঘ্ৰেই মুক্তি দিয়াৰ দাবী জনায় সংগঠনকেইটাৰ নেতৃত্বই ।
বড়ো শান্তি চুক্তিৰ প্ৰতি সন্মান জনাই এন ডি এফ বিৰ সকলো সদস্যক সংস্থাপন দিয়াৰো দাবী জনায় । অন্যথা পৰিস্থিতি অন্য দিশে গতি কৰিব বুলিও হুংকাৰ দিয়ে ।
লগতে পঢ়ক:গুপ্ত ঘাতকৰ বলি ডাঃ ধৰণীধৰ দাসক স্মৰণ