ETV Bharat / state

জলসিঞ্চন ব্যৱস্থাৰ অভাৱত পৰি ৰৈছে বাক্সাৰ শতাধিক কৃষি ভূমি

author img

By

Published : May 11, 2020, 3:08 PM IST

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত সমস্যাৰ অন্ত নাই কৃষক সকলৰ ৷ ইয়াৰ পৰিণতিস্বৰূপে উদং হৈ পৰি ৰৈছে অঞ্চলটোৰ শ শ বিঘা কৃষি ভূমি । কাণসাৰ নাই চৰকাৰৰ ৷

eroson problem at baksa assam etv bharat news
জলসিঞ্চন ব্যৱস্থাৰ অভাৱ

বাক্সা,11 মে’: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্থানৰ পিছতো উন্নত নহ’ল ৰাজ্যৰ কৃষি ব্যৱস্থা ৷ কৃষি কাৰ্যৰ বাবে ন্যুনতম সা-সুবিধাখিনি ৰাজ্যত উপলব্ধ নোহোৱাত পৰম্পৰাগত কৃষি পদ্ধতিতে নিৰ্ভৰ কৰিবলগীয়া হৈছে কৃষকসকলে ৷ একে সমস্যাৰ সন্মুখীন হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ কৃষকসকল ৷ ইয়াৰ পৰিণতিস্বৰূপে কৃষি কৰ্মত আগুৱাব পৰা নাই স্থানীয় কৃষকসকল ৷ ফলত উদং হৈ পৰি ৰৈছে অঞ্চলটোৰ শ শ বিঘা কৃষি ভূমি । বিশেষকৈ নাগ্ৰীজুলিৰ সমীপৰ অধিকাংশ গাঁৱতে নাই জলসিঞ্চনৰ ব্যৱস্থা ৷ বৰষুণৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ কৃষকসকলে অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷ চৰকাৰে কৃষি ভূমিত পানী যোগানৰ উদ্দেশ্যে জলসিঞ্চন ব্যৱস্থাৰ অধীনত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও বিভাগীয় বিষয়া-কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবে সঠিকভাৱে ৰূপায়ণ হোৱা নাই কোনো ব্যৱস্থা ৷

ইপিনে, পৰম্পৰাগত কৃষি পদ্ধতিৰে খেতি কৰি লাভৱান হোৱাৰ বিপৰীতে লোকচানৰহে সন্মুখীন হৈছে কৃষকসকল । নিকটৱৰ্তী হাট-বজাৰ সপ্তাহ বা মাহৰ মুৰত দেখা এইসকল কৃষকৰ বাবে মহকুমা সদৰস্থিত কৃষি বিভাগৰ কাৰ্যালয়লৈ গৈ আবেদন-নিবেদন কৰাটো এক জটিল বিষয় । যাৰ বাবে প্ৰকৃত হিতাধিকাৰী বা কৃষকক ঢুকি নাপায় বিভাগটোৰ আঁচনিয়ে । বিগত কিছুদিন পূৰ্বে চৰকাৰে 5,00,000 টকা পৰ্যন্ত ৰেহাই প্ৰদানেৰে ট্ৰেক্টৰ প্ৰদানৰ যি আঁচনি ৰূপায়ণ কৰিলে, ইয়াৰ দ্বাৰা উপকৃত হ'ব পৰা নাই সাধাৰণ কৃষকসকল । সম্প্ৰতি পঞ্জাৱত উপলব্ধ তথা ৰাজা এণ্টাৰপ্ৰাইজকে ধৰি অন্যান্য কোম্পানীৰ দ্বাৰা নিৰ্মিত 40-50 হাজাৰ টকীয়া বিভিন্ন সুবিধা থকা ৰুটাভেটৰ ৱিডাৰ মেচিন ক্ৰয় কৰি কৃষকসকলক বিনামূলীয়াকৈ বিতৰণ কৰিলে চৰকাৰী আঁচনিখন সাৰ্থক হোৱাৰ সম্ভাৱনা আছিল ৷

জলসিঞ্চন ব্যৱস্থাৰ অভাৱ

উল্লেখ্য যে, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কৃষি ভূমিসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰি দহ বিঘাৰ ওপৰত কৃষি ভূমি থকা কৃষকক একোটাকৈ ৰুটাভেটৰ যন্ত্ৰ প্ৰদান কৰিলে কৃষকসকলে বাৰ মাহে খেতি কৰিব পাৰিব ৷ লগতে কৃষি উৎপাদন ক্ষমতা বৃদ্ধিৰ উপৰিও অৰ্থনৈতিক ভেটি সুস্থিৰ হ’ব ৷

লগতে চাওকঃ সুলভ মূল্যৰ আঁচনিৰ কেৰাচিনৰ চোৰাং বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.