ETV Bharat / state

গৰাখহনীয়াৰ কবলত ৰাজ্যৰ বিভিন্ন প্ৰান্ত

চপৰা চপৰে খহিছে চৌদিশে ৷ ঘৰ - দুৱাৰ খহি জাহ গৈছে নৈৰ বুকুত ৷

author img

By

Published : Jun 29, 2019, 4:17 AM IST

গৰাখহনীয়াৰ কবলত ৰাজ্যৰ বিভিন্ন প্ৰান্ত

বাৰিষাৰ পূৰ্বেই খহনীয়াৰ কবলত ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..

গৰাখহনীয়াৰ কবলত ৰাজ্যৰ বিভিন্ন প্ৰান্ত

বাৰিষাৰ পূৰ্বেই খহনীয়াৰ কবলত ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..

গৰাখহনীয়াৰ কবলত ৰাজ্যৰ বিভিন্ন প্ৰান্ত
Intro:নৈৰ কোবাল সোঁতত জাহ গ'ল কেবাটাও ঘৰBody:বৰলীয়া নৈত জাহ যাবলৈ ওলাইছে তৰণীৰ জয়ন্তীপুৰ গাওঁ। ৰাতিটোৰ ভিতৰতে ভয়ানক ৰূপ ধাৰণ কৰিছে বৰলীয়া নৈয়ে। যোৱা ৰাতি হঠাতে বৰলীয়া নৈৰ পানী বাঢ়ি আহাৰ ফলত গাওঁখনৰ তিনিটা পৰিয়ালৰ ঘৰ ইতিমধ্যে নৈখনত জাহ গৈছে। ঘৰ উটি যোৱা মানুহখিনিৰ লগতে অইন বহু মানুহে ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে। প্ৰায় পছিশটা পৰিয়ালৰ ঘৰ নৈৰ দাঁতিত হোৱা বাবে পৰিয়ালকেইটাৰ মানুহখিনিয়ে হাতৰ মুঠিত জীৱনটো লৈ ভয়েৰে সময় পাৰ কৰিছে। ইতিমধ্যে পশুধনৰো যথেষ্ট পৰিমাণে ক্ষতি হৈছে। ভুটানে পানী এৰি দিয়া বাবে এনেদৰে হঠাতে নদীৰ পানী বাঢ়ি অহা বুলি সন্দেহ কৰা হৈছে।কোন মুহূৰ্তত নৈয়ে ঘৰ উটুৱাই লৈ যায় ঠিকনা নোহোৱা মানুহখিনিয়ে এতিয়ালৈকে চৰকাৰী সাহাৰ্য একেবাৰে নাই পোৱা বুলি অভিযোগ কৰে। খোৱা খাদ‍্যৰ লগতে বিশুদ্ধ খোৱা পানীৰ দৰে প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰীখিনিৰ বাবেও হাহাকাৰ কৰি থকা ৰাইজৰ খবৰ লবলৈ স্থানীয় বিধায়ক আহিব বুলি ৰাইজে আশাৰে বাট চাই আছে।
Bite:- ভুক্তভোগীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.